/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d633c4d2-7904-44a9-88c1-b895c7eee7db/5.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ বালিজুৰি অঞ্চলৰ বিদাংশ্ৰী গাঁৱৰ পৰা এগৰাকী দুটি কন্যাসন্তাৰ মাতৃ দুদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিদাংশ্ৰী গাঁওখনৰ ৰোহিটন বসুমতাৰী নামৰ লোকজনৰ পত্নী ৰীতা বসুমতাৰী(৩০) নামৰ মহিলাগৰাকীয়ে দেওবাৰে বজাৰৰ সামগ্ৰী আনিবলৈ বুলি দিনৰ প্ৰায় ১১বজাত ঘৰৰ পৰা ওলাই গৈ সন্ধিয়া পৰ্যন্ত ওভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ৷
পিছত স্বামী ৰোহিটন বসুমতাৰী কৰ্মস্থলীৰ পৰা ওভতি আহি পত্নীক ঘৰত নাপাই বিভিন্ন ঠাইৰ আত্মীয়ৰ ঘৰত খবৰ কৰিও পত্নীৰ কোনো সন্ধান নাপালে৷ দুদিন ধৰি নিৰুদ্দিষ্ট পত্নীৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি অৱশেষত স্বামী ৰোহিটন বসুমতাৰীয়ে ইটাখোলা আৰক্ষীৰ কাষ চাপে৷
ইটাখোলা আৰক্ষীয়ে স্বামীৰ এজাহাৰৰ ভিত্তিত নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ পঞ্জীয়ন কৰি তদন্তত অব্যাহত ৰাখিছে৷ স্বামী ও পৰিয়ালবৰ্গই ৰীতা বসুমতাৰীৰ কোনো সন্ধান পালে স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনাইছে।
Also Read: মৰিয়নিত ভাৰতীয় সেনাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় নাৰী স্বাস্থ্য সুৰক্ষা দিৱস উদযাপন...