শিপা পাহৰা নাই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে ! সন্তানক শিক্ষা দিছে ভাৰতীয় সংস্কৃতিৰ

শিপা পাহৰা নাই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে ! সন্তানক শিক্ষা দিছে ভাৰতীয় সংস্কৃতিৰ
শিপা পাহৰা নাই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে ! সন্তানক শিক্ষা দিছে ভাৰতীয় সংস্কৃতিৰ

ডিজিটেল ডেস্কঃ শিপা পাহৰা নাই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে। নিজ সন্তানক ঋষি সুনাকে পৰিচয় কৰাই দিছে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ সৈতে। তাৰেই উমান পোৱা গ'ল শুকুৰবাৰে।

শুকুৰবাৰে লণ্ডনত আন বহু শিশুৰ ঋষি সুনাকৰ জীয়ৰীয়ে পৰিৱেশন কৰিলে কুচিপুড়ী নৃত্য। ঋষি সুনাকৰ কন্যা অনুষ্কা সুনাকে শুকুৰবাৰে ৰং আন্তঃৰাষ্ট্ৰীয় কুচিপুড়ী নৃত্যু মহোৎসৱত পৰিৱেশন কৰিলে কুচিপুড়ী নৃত্য।

উল্লেখ্য যে, কুচিপুড়ী নৃত্যৰ সৰ্ববৃহৎ আন্তঃপ্ৰজন্ম মহোৎসৱ হৈছে ৰং-আন্তঃৰাষ্ট্ৰীয় কুচিপুড়ী নৃত্যু মহোৎসৱ। এই মহোৎসৱতে ঋষি সুনাকৰ ৯ বছৰীয়া কন্যা অনুষ্কাই কুচিপুড়ী নৃত্যু পৰিৱেশন কৰা কাৰ্যই এতিয়া ব্ৰিটেইনতে নহয়, ভাৰততো চৰ্চাৰ কাৰণ হৈ পৰিছে।

এই মহোৎসৱত ৪ বছৰ বয়সৰ পৰাই ৮৫ বছৰ বয়সলৈ ভিন্ন বয়সৰ মুঠ ১০০ গৰাকী নৃত্য শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰিছিল। উল্লেখ্য যে, ঋষি সুনাক ব্ৰিটেইনৰ ৫৭ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।ইয়াৰ লগে লগে তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমজন ভাৰতীয় মূলৰ ব্যক্তি হিচাপে চিহ্নীত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in