ঢকুৱাখনাত বহু পৰিমাণৰ  বিদেশী সুৰা জব্দ...

ঢকুৱাখনাত বহু পৰিমাণৰ  বিদেশী সুৰা জব্দ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত বহু পৰিমাণৰ  বিদেশী সুৰা জব্দ...

ঢকুৱাখনাত বহু পৰিমাণৰ  বিদেশী সুৰা জব্দ

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাই শনিবাৰে বিদেশী সুৰাৰ বিৰুদ্ধে চলোৱা এক অভিযানত অবৈধ ভাৱে মজুত ৰখা আৰু বিক্ৰী কৰা বহু পৰিমানৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

Advertisment

ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়, উপ-পৰিদর্শক গৌতম দত্তৰ নেতৃত্বত আৰক্ষী বাহিনীৰ সহযোগত দৈনিক বজাৰ, বাছ আস্থান, বলাই ঘাট, অসামৰিক চিকিৎসালয়ৰ সমীপৰ বিভিন্ন স্থানত চলোৱা অভিযান কালত প্ৰায় বহু পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত বিদেশী সুৰাখিনি ঢকুৱাখনা থানাত মজুত ৰখা হৈছে ।

ক্লিক কৰি পঢ়কঃ কৃষক আন্দোলনৰ দুবছৰঃ ঢকুৱাখনাত কৃষক সভাৰ গণ বিক্ষোভ

ঢকুৱাখনা