/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2b75f74d-d652-47d1-bdb8-e659be31c205/rishab.jpg)
ডিজিটেল ডেস্ক: দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাক ঋষভ পন্ট। দিল্লী-ডেৰাডুন পথৰ গুৰুকুল নাৰসন পথত সংঘটিত হয় এই দুৰ্ঘটনা। এই সময়ত তেওঁ দিল্লীৰ পৰা ঘৰ অভিমুখে যাত্ৰা কৰি আছিল। দুৰ্ঘটনাৰ সময়ত তেওঁ গাড়ীত অকলে আছিল।
ডিভাইডাৰত খুন্দা মৰাৰ ফলত সংঘটিত এই দুৰ্ঘটনাত ভস্মীভূত হয় পন্টৰ বাহন খন। গুৰুতৰভাৱে আহত পন্টক চিকিৎসালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকৰ মতে ভৰি আৰু মূৰত আঘাত পাইছে পন্টে।
আঘাতৰ বাবে পন্টৰ শৰীৰৰ কিছু অংশত পাষ্টিক চাৰ্জাৰী কৰোৱা হ'ব। বৰ্তমান তেওঁৰ চিকিৎসা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চলি আছে । দুৰ্ঘটনাৰ পাছত ১০৮ সেৱাৰ জৰিয়তে পন্টক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
আৰু পঢ়ক: কোকৰাঝাৰত ভূমি বিবাদ কেন্দ্ৰ কৰি হোৱা সংঘাতত ১ জনৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি