কোকৰাঝাৰত ভূমি বিবাদ কেন্দ্ৰ কৰি হোৱা সংঘাতত ১ জনৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি

কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী মোকৰাপাৰাৰ টুনুপাৰাত বৃহস্পতবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়।
কোকৰাঝাৰত ভূমি বিবাদ কেন্দ্ৰ কৰি হোৱা সংঘাতত ১ জনৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী মোকৰাপাৰাৰ টুনুপাৰাত বৃহস্পতবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘটিত হোৱা সংঘৰ্ষৰ ফলত এজন কিশোৰ নিহত হোৱাকে ধৰি আন চাৰিজন লোক আহত হয় ৷ নিহত কিশোৰজনক স্বজীৱ শ্বেখ বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাপ্ত খবৰ মতে টুনুপাৰা গাওঁৰ মকবুল পাৰমানিকে বহু বছৰ আগতে ৰেজাকুল মণ্ডলৰ পৰা এক কঠা মাটি ক্ৰয় কৰি ঘৰ বান্ধি আছিল ৷ কিন্তু মাটিখিনিৰ নামজাৰী হোৱা নাছিল ৷ কিছুদিনৰ পৰা ৰেজাকুলে মকবুলৰ পৰা মাটিখিনি ঘূৰাই বিচাৰিছল আৰু তাৰ বিনিময়ত কিনাৰ টকা ঘুৰাই দিব বিচাৰিছিল ।

বুধবাৰে এই ঘটনাক কেন্দ্ৰ কৰি গাওঁত এখন সভাও অনুষ্ঠিত হৈছিল আৰু গাওঁৰ ৰাইজে এয়া অন্যায় বুলি ক্ৰয় কৰা মাটি মোকবুলে এৰি দিয়াটো সম্ভৱ নহয় বুলি সকলোৱে মোকবুলৰ পক্ষে ৰায় দিছিল ৷ কিন্তু বৃহস্পতিবাৰে পুৱা প্ৰায় ৮-৩০ বজাত ৰেজাকুলে দা- কুঠাৰ লৈ তেওঁৰ পৰিয়ালৰ মানুহক লৈ মকবুলৰ ঘৰত বলপূৰ্বক ভাৱে প্ৰৱেশ কৰি বাহঁৰ জেওৰা দিবলৈ আৰম্ভ কৰে ৷

তেতিয়া মকবুলৰ পৰিয়ালে বাধা দিবলৈ যাওঁতে দুই পক্ষৰ মাজত সংঘৰ্ষ হয় । সংঘৰ্ষৰ ফলত মকবুলৰ ঘৰত সৰুৰে পৰা ডাঙৰ-দীঘল হোৱা ভাগিন শ্বাজিব শ্বেখ(১৭) গুৰুতৰভাৱে আহত হোৱাৰ লগতে আন কেবাজনো আহত হয় । পিছত শ্বাজিব শ্বেখৰ জিএমচিত মৃত্যু হয় ।

শ্বাজিবৰ মৃত্যুৰ বাতৰি বিয়লি পৰাৰ লগে লগে গাওঁখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰ নিশা টুনুপাৰা গাওঁৰ শতাধিক মহিলাই শ্বাজিব শ্বেখৰ হত্যাৰ ন্যায় বিচাৰি কোকৰাঝাৰ সদৰ থানা চৌহদত উপস্থিত হৈ ধৰ্ণা -প্ৰতিবাদেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে । আৰক্ষীয়ে মূল অভিযুক্ত ইমৰান শ্বাহ আৰু ৰেজাকুল মণ্ডলক আটক কৰা বুলি প্ৰকাশ কৰাত প্ৰতিবাদকাৰী ক্ষান্ত হয় ।

সংঘৰ্ষত মকবুল পাৰামানবিক আৰু জয়ফুল বিবি নামৰ এগৰাকী মহিলাও আহত হৈ চিকিৎসাধীন হৈ আছে। তদুপৰি আৰক্ষীয়ে আটক কৰা মূল অভিযুক্ত ইমৰান শ্বাহ আৰু ৰেজাকুল মণ্ডলো ভূমি বিবাদত আহত হৈ চিকিৎসাধীন হৈ আছে।

আৰু পঢ়ক: ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ ইউ এন ডব্লিউ টি অ কাৰ্যসূচীত অন্তৰ্ভুক্ত নাগালেণ্ডৰ খনমা গ্ৰীন ভিলেজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in