ৰীমালৰ প্ৰভাৱ গুৱাহাটীতঃ ব্যাহত স্বাভাৱিক জনজীৱন

ৰীমালৰ প্ৰভাৱ গুৱাহাটীতঃ ব্যাহত স্বাভাৱিক জনজীৱন

ডিজটেল ডেস্কঃ ঘূৰ্ণীবতাহ ৰীমালৰ প্ৰভাৱত হোৱা বতাহ-বৰষুণে ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। গুৱাহাটী মহানগৰীত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন। সোমবাৰৰ নিশাৰে পৰা নাই মহানগৰীৰ প্ৰায়বোৰ স্থানত বিদ্যুৎ।

ব্যাহত হৈছে ম'বাইলৰ নেটৱৰ্ক সেৱাৰ লগতে ইন্টাৰনেট সেৱা কৰ্তন হৈছে।। ঠায়ে ঠায়ে খহি পৰিছে সৰু ডাঙৰ কেইবাখনো হ'ৰডিং। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত গৰিস্থ সংখ্যক বিদ্যালয়ৰ পাঠদান বন্ধ ৰাখিছে। গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত গছ উঘালি পৰা খবৰো আহিছে। চন্দ্ৰপুৰ পথৰ বোন্দাৰ বজাৰৰ সমীপত ৰাজপথত বাগকিছে গছ। ব্যাহত হৈছে সেই পথৰে যানবাহন চলাচল।

ৰীমালৰ প্ৰভাৱ গুৱাহাটীতঃ ব্যাহত স্বাভাৱিক জনজীৱন
মৰিগাঁৱত প্ৰকাণ্ড গছ পৰি ছাত্ৰৰ কৰুণ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in