পত্নীহন্তা ৰিকু পেগুক যাৱজ্জীৱন কাৰাদণ্ড

ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কল্যানজিত শইকীয়া আদালতে শুক্ৰবাৰে এক ৰায়দানযোগে নিজ পত্নীক হত্যা কৰাৰ অভিযোগত দোষী সাৱ্যস্ত কৰি ৰিকু পেগুক ভাৰতীয় দণ্ড বিধি ৩০২ ধাৰাৰ অধীনত  যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে

author-image
Asomiya Pratidin
New Update
434

ডিজিটেল সংবাদ, ধেমাজি :  জিলা ও সত্ৰ ন্যায়াধীশ কল্যানজিত শইকীয়া আদালতে শুক্ৰবাৰে এক ৰায়দানযোগে নিজ পত্নীক হত্যা কৰাৰ অভিযোগত দোষী সাৱ্যস্ত কৰি ৰিকু পেগুক ভাৰতীয় দণ্ড বিধি ৩০২ ধাৰাৰ অধীনত  যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ উল্লেখ্য যে ২০২২ চনৰ ১০ ফেব্ৰুৱাৰীৰ মাজনিশা দুই বজাত পত্নী বিলেশ্বৰী দলে পেগুক স্বামী ৰিংকু পেগুৱে দা, কুঠাৰ আৰু লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল ৷

Advertisment

পিছত চিমেনচাপৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ৭/ ২০২২ নং গোচৰত ৰুজুৰ হোৱা গোচৰৰ ভিত্তিত চিমেনচাপৰি আৰক্ষী থানাৰ আৰক্ষীয়ে প্ৰথমে ৰিকু পেগুক গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ কৰিছিল ৷ পিছত তদন্তকাৰী আৰক্ষীয়ে বিষয়াই দিয়া ঘটনাৰ তদন্তৰ চূড়ান্তৰ প্ৰতিবেদনৰ পৰবৰ্তী সময়ত ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ আদালতত আঢ়ৈ বছৰৰ ধৰি চলে বিচাৰ প্ৰক্ৰিয়া। 

বিচাৰ প্ৰক্ৰিয়াৰ অন্তত শুক্ৰবাৰে আদালতে অপৰাধীক দোষী সাৱস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে ৷

ধেমাজি