খহনীয়াৰ প্ৰকোপ বৃদ্ধিঃ  দেশৰ ধনী মহিলাগৰাকীয়ে বিদায় দিলে কংগ্ৰেছক...

খহনীয়াৰ প্ৰকোপ বৃদ্ধিঃ  দেশৰ ধনী মহিলাগৰাকীয়ে বিদায় দিলে কংগ্ৰেছক...

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই কংগ্ৰেছ দলত খহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। শেহতীয়াকৈ ভাৰতৰ সবাতোকৈ ধনী মহিলা সাবিত্ৰী জিন্দালে ত্যাগ কৰিলে কংগ্ৰেছ। পুত্ৰ নবীন জিন্দালৰ পাছত মাতৃ সাবিত্ৰী জিন্দালেও কংগ্ৰেছ দল ত্যাগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে। দেশৰ সবাতোকৈ ধনাঢ্য মহিলা তথা হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এই পদত্যাগ নিৰ্বাচনৰ আগত কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত।

সাবিত্ৰী জিন্দালৰ পৰৱৰ্তী ৰাজনৈতিক ঠিকনা কি হব এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও পুত্ৰ নবীন জিন্দালে বিজেপিত যোগদান কৰাৰ প্ৰায় এঘন্টাৰ পাছতেই লাভ কৰিছিল লোকসভাৰ প্ৰাৰ্থিত্ব। পদত্যাগৰ সন্দৰ্ভত সাবিত্ৰী জিন্দালে টুইটাৰত উল্লেখ কৰিছে এনেদৰে- মই বিধায়ক হিচাপে ১০বছৰ কাল হিচাৰ সমষ্টিৰ জনতাক প্ৰতিনিধিত্ব কৰিলো। মন্ত্ৰীৰূপে হৰিয়ানাক নিস্বাৰ্থ সেৱা আগবঢ়ালো। হিচাৰ সমষ্টিৰ সকলো জনতা মোৰ পৰিয়াল আৰু এই পৰিয়ালৰ পৰামৰ্শ অনুসৰি মই কংগ্ৰেছৰ প্ৰাথমিক সদস্যতা ত্যাগ কৰিলো। কংগ্ৰেছৰ সকলো নেতা-কৰ্মীৰ ওচৰত মই সদায়েই কৃতজ্ঞ।‘

উল্লেখ কৰা প্ৰয়োজন যে, সাবিত্ৰী জিন্দালৰ বয়স বৰ্তমান ৮৪বছৰ। জিন্দাল গ্ৰুপৰ বিশাল ব্যৱসায়ৰ গৰাকী সাবিত্ৰী জিন্দালৰ মুঠ সম্পত্তিৰ পৰিমাণ ২.৪৭লাখ কোটি টকা। ভাৰতৰ প্ৰথমগৰাকী ধনী মহিলাৰ লগতে সমগ্ৰ বিশ্বৰ ধনাঢ্যৰ তালিকাত  ৫৬সংখ্যক স্থানত আছে সাবিত্ৰী জিন্দাল।

খহনীয়াৰ প্ৰকোপ বৃদ্ধিঃ  দেশৰ ধনী মহিলাগৰাকীয়ে বিদায় দিলে কংগ্ৰেছক...
পাণ্ডিয়াই বুমৰাহক গুৰুত্বহীন কৰাৰ পৰিণতিঃ হায়দৰাবাদত ৰেকৰ্ডৰ বৰষুণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in