/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ed64efa2-c536-4d85-b41d-731f0f37c4e4/5th.jpg)
ডিজিটেল ডেস্ক: ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল স্মাৰ্ট ভিলেজ আৰু গ্ৰামোন্নয়নৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় সন্মিলন (কচভাৰ্ড 2022) । অসম ইঞ্জিনিয়াৰিং কলেজ,ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি অফ মেলবৰ্ণৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানটো সফলতাৰে সম্পন্ন হয়।
কচভাৰ্ড 2022 সন্মিলন স্মাৰ্ট ভিলেজে বিকাশৰ বাবে প্ৰস্তুত অসমৰ গ্ৰাম্য সম্প্ৰদায়বোৰক শক্তিশালী কৰে। যিবোৰে প্ৰায় ২৬,০০০ গাঁৱত বাস কৰে।
এই অনুষ্ঠানত ৯ খনতকৈও অধিক দেশৰ বহুতো বিশিষ্ট বক্তা আৰু পণ্ডিত উপস্থিত আছিল। তেওঁলোকে অসমৰ গাঁওবোৰৰ বিকাশৰ বাবে উন্নয়নৰ আৰ্হি প্ৰস্তুত কৰি বিভিন্ন গৱেষণা আধাৰিত তথ্যৰ ওপৰত আলোচনা কৰে।
অসম ইঞ্জিনিয়াৰিং কলেজৰ অধ্যক্ষ অতুল বৰা,মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ স্মাৰ্ট ভিলেজ লেবৰ অধ্যাপক হেমন্ত ডোলোইৰ যুটীয়া অধ্যক্ষতাত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল।
আৰু পঢ়ক: ২১ মাহ পাছত হ্ৰাস পালে মুদ্ৰাস্ফীতি!