দিল্লীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ বিশেষ আহ্বান...

দিল্লীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ বিশেষ আহ্বান...

author-image
Asomiya Pratidin
New Update
দিল্লীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ বিশেষ আহ্বান...

দিল্লীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ বিশেষ আহ্বান...

ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ অসম ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে এক বিশেষ বৈঠক। মহাবীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ এবছৰীয়া কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান সন্দৰ্ভত এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে।

Advertisment

এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰগৰাকীয়ে অহা ২৪ নৱেম্বৰত অসমৰ সকলো লোককে লাচিতৰ নামত নিজ ঘৰৰ পদুলিত চাকি জ্বলাবলৈ আহ্বান কৰিছে। উল্লেখ্য যে, ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লাচিত দিৱসৰ কাৰ্যসূচী। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব লাচিত বৰফুকনৰ জন্মজয়ন্তী।

তিনিওটা দিনৰ কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, ২৩ নৱেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত প্ৰদৰ্শীত হ'ব ৬০০ বছৰীয়া আহোম ইতিহাস। এই প্রদৰ্শনী উন্মোচন কৰিব কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে। একে দিনাই সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব আইনমন্ত্রী কিৰেণ ৰিজিজুৱে।

২৪ নৱেম্বৰৰ দ্বিতীয় দিনৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে । ২৫ নৱেম্বৰত অনুষ্ঠিত হ'ব সমাপন সমাৰোহ। এই সমাপন সমাৰোহত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে অংশগ্রহণ কৰিব।

কাৰ্যসূচীৰ মাজতে উন্মোচন কৰা হ'ব বীৰ লাচিতৰ জীৱনৰ ওপৰত আধাৰিত এখন গ্রন্থ। একেদৰে উন্মোচন কৰা হ’ব বীৰ লাচিতৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্রও।

ইফালে অসমবাসীৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে এক বিশেষ আহ্বান। তেওঁ ২৪ নৱেম্বৰত লাচিতৰ প্রতি শ্রদ্ধা জনাই অসমৰ ৰাইজক চাকি জ্বলাবলৈ আহ্বান জনাইছে।

আনহাতে বীৰ লাচিতৰ নামত এক স্মাৰক বক্তৃতা প্রদান সন্দৰ্ভত আলোচনা কৰা হ’ব।ইয়াৰ বাবে বছৰেকীয়া পুৰস্কাৰ প্রদান কৰাৰ বিষয়েও আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেওঁ সেনাপ্রধানৰ সৈতে আলোচনা কৰিব বুলিও উল্লেখ কৰিছে।

তেওঁ পৰৱৰ্তী সময়ত দেশৰ অন্য চহৰসমূহতো লাচিত দিৱস উদযাপন কৰা হ’ব বুলি মন্তব্য কৰি বীৰ লাচিতৰ বীৰত্বৰ কথা নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ এন চি ই আৰ টিৰ পাঠ্যক্ৰমত লাচিতৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈয়ো আলোচনা কৰিব বুলি মন্তব্য কৰিছে।

দিল্লীৰ অসম ভৱনত অনুষ্ঠিত হোৱা এই বৈঠকত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অজন্তা নেওগ, কেশৱ মহন্ত, পীযুষ হাজৰিকা আদি উপস্থিত থাকে।

ক্লিক কৰি পঢ়কঃ ঢকুৱাখনা মহাবিদ্যালয়ত ধঁপাতৰ ব্যৱহাৰ আৰু কেন্সাৰ ৰোগ সন্দৰ্ভত সজাগতা সভা

হিমন্ত বিশ্ব শৰ্মা দিল্লী বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী