/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ee406cd0-fd22-4889-ba68-521c1222e51e/dhokuakhana_college_17.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: সাম্প্ৰতিক সময়ত ধঁপাত আৰু ধঁপাতযুক্ত সামগ্ৰীৰ ব্যৱহাৰে মাৰাত্মক কেন্সাৰ ৰোগৰ প্ৰাদুৰ্ভাৱত কি দৰে অৰিহণা যোগাই আহিছে তাৰ ওপৰত বিশ্লেষণাত্মক আলোচনাৰে বৃহস্পতিবাৰে এখন মনোজ্ঞ সজাগতামূলক সভা অনুষ্ঠিত হয় ঢকুৱাখনা মহাবিদ্যালয়ত। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছ আৰু "উন্নত ভাৰত অভিযান" (ইউ বি এ)ৰ যৌথ উদ্যোগত, অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন, উত্তৰ লখিমপুৰ আৰু মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সহযোগত দুপৰীয়া এই সজাগতা মূলক সভা অনুষ্ঠিত হয়।
মহাবিদ্যালয়ৰ ডিজিটেল শ্ৰেণীকোঠাত ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° পাৰ্থ প্ৰতীম বৰঠাকুৰে আঁত ধৰা সভাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁচে সভাৰ উদ্বোধনী বক্তব্য আগবঢ়াই। মহাবিদ্যালয়ৰ শতাধিক শিক্ষক শিক্ষাৰ্থী উপস্থিত থকা সভাত "অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন"ৰ জিলা স্বাস্থ্য ব্যৱস্থাপক সঞ্জীৱ কুমাৰ বৈথ, দন্ত চিকিৎসক ডাঃ অংকিতা ঘোষ, স্বাস্থ্য কৰ্মী ঋতুমনি বৰা আৰু সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়া উপস্থিত থাকি মাৰাত্মক ভাবে সম্প্ৰসাৰণ হোৱা কেন্সাৰ ৰোগ কেনেদৰে নিয়ন্ত্ৰণ,নিৰ্মূল আৰু প্ৰতিৰোধ কৰিব পাৰি তাৰ সন্দৰ্ভত বিস্তৃত অবলোকণ কৰে।
বৰ্তমান সময়ত নৱ প্ৰজন্মৰ মাজত ব্যাপক ভাবে সমাদৃত আৰু প্ৰচলিত ধঁপাত মিশ্ৰিত গুটখা পেকেটসমূহৰ প্ৰচলন ৰোধৰ বাবে কি বিকল্প পন্থা অৱলম্বন কৰিব পৰা যায় তাৰ ওপৰতো মননশীল আলোচনা হয় । যুৱ প্ৰজন্মৰ মাজত এইসমূহ স্বাস্থ্য হানিকৰ সামগ্ৰীৰ জীৱন নাশী প্ৰতিক্ৰিয়া সাৰ্বজনীন কৰাত ধাৰাবাহিক সজাগতামূলক কাৰ্যসূচীৰ প্ৰয়োজনীয়তা কামনা কৰা সভাত এই ক্ষেত্ৰত সামাজিক সংগঠন, অভিভাৱকসকল সচেষ্ট হোৱাৰ লগতে জন সচেতনতা বৃদ্ধিমূলক প্ৰণালীবদ্ধ কৰ্মসূচীৰ পোষকতা কৰা হয়।
ক্লিক কৰি পঢ়কঃ অসম সমবায় মৰাপাট কলৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ সংগ্ৰহকাৰীক ভাবুকি...