কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দ্বিজেন্দ্ৰ নাৰায়ণ গোস্বামীৰ পৰলোকপ্ৰাপ্তি...

কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দ্বিজেন্দ্ৰ নাৰায়ণ গোস্বামীৰ পৰলোকপ্ৰাপ্তি...

author-image
Asomiya Pratidin
New Update
কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দ্বিজেন্দ্ৰ নাৰায়ণ গোস্বামীৰ পৰলোকপ্ৰাপ্তি...

ডিজিটেল ডেস্কঃ দিছপুৰৰ বাসিন্দা অধ্যাপক ড০ দ্বিজেন্দ্ৰ নাৰায়ণ গোস্বামীৰ বিয়োগ। দেওবাৰে পুৱা ৬.৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দ্বিজেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে।

Advertisment

উল্লেখযোগ্য যে কিছুদিনৰ পৰা অসুস্থ হৈ আছিল গোস্বামী। অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে অধ্যাপকগৰকীয়ে। তেখেতৰ জন্ম হৈছিল নলবাৰীৰ নপতিপাৰা সত্ৰত। কৰ্মসূত্ৰে তেওঁ দিছপুৰত বাস কৰিছিল। কটন কলেজৰ পূৰ্বে ডিফু চৰকাৰী মহাবিদ্যালয় আৰু শংকৰদেৱ মহাবিদ্যালয় শিলচৰত অধ্যাপনা কৰিছিল গোস্বামীয়ে। সামাজিকভাৱে সক্ৰিয় দ্বিজেন্দ্ৰ নাৰায়ণ গোস্বামী দিছপুৰৰ হৰি মন্দিৰ কমিটিৰ সভাপতি আছিল।

Also Read: বকো আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত...

dispur cotton college