ডিজিটেল সংবাদ,চিলাপথাৰঃ যোৱা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰি শুকুৰবাৰে নিজৰ জন্ম ঠাইত উপস্থিত হয় অৱসৰপ্ৰাপ্ত সেনা বিষয়া লক্ষ্যৰাজ ভূঞা। পুৱা ১০ বজাত চিচিবৰগাঁও চাৰি আলিত উপস্থিত হোৱা সেনা বিষয়াজনক ৰাইজে ঢোলে-দগৰে বিহু মাৰি আগবঢ়ায় অনাৰ লগতে সমদলেৰে সৈনিক গৰাকীক নিজ বাসগৃহলৈ আদৰি নিয়ে ।
ধেমাজি জিলাৰ অৱসৰপ্ৰাপ্ত সৈনিক সমাজে এখন সভা পাতি সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আদিৰে সৈনিক গৰাকীক আদৰণি জনায়। চিচি আঞ্চলিক অৱসৰপ্ৰাপ্ত সৈনিক সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাত উপস্থিত থাকে সভাপতি ক্ৰমে চিদানন্দ গগৈ, সম্পাদক লীলা বড়াসহ ধেমাজিৰ বনমালী চুতীয়া,ফণী চাংমাই,পৰ্বন কুমাৰ সন্দিকৈ,চিলাপথাৰৰ ৰমেন বৰুৱা, বি কটকী, পি পেগু,গুণ দেউৰী,ৰুদ্ৰ ভূঞাসহ বিভিন্ন লোক ।
বিভিন্ন ব্যক্তি তথা সংগঠনে ফুলাম গামোচা-জাপিৰ লগতে প্ৰশস্তি পত্ৰৰে আদৰণি অনুষ্ঠানত সৈনিক গৰাকীক আদৰণি জনায় ।
চিচিবৰগাঁও নিবাসী ভৱ ভূঞাৰ পুত্ৰ লক্ষ্যৰাজ ভূঞাই ১৯৯৪ চনত ১৮ বছৰ বয়সতে ভাৰতীয় সেনাবাহিনীৰ ইউনিট ৫০২এডি গ্ৰুপ (এছপি)ত যোগদান কৰি পৰৱৰ্তী সময়ত নিজা পাৰদৰ্শিতাৰ বাবে চুবেদাৰ পদৱীলৈ পদোন্নতি হৈছিল। বিগত ৩০ বছৰে দেশৰ বিভিন্ন স্থানত ক্ৰমে উৰিষ্যা, লুধীয়ানা, আৰ্মী এয়াৰ ডিফেন্স কলেজ, গোপালপুৰ আদিত দেশ মাতৃক সেৱা আগবঢ়াইছে বিষয়াগৰাকীয়ে ।