ছহীদৰ প্ৰতি সন্মান, প্ৰাণ আহুতি দিয়া জোৱানৰ নামত পথ নামাকৰণ

ছহীদৰ প্ৰতি সন্মান
ছহীদৰ প্ৰতি সন্মান

ডিজিটেল সংবাদ,নগাঁও : ছহীদলৈ সন্মান ৷ দেশ মাতৃৰ সেৱাত প্ৰাণ উৎসৰ্গা কৰা চি আৰ পি এফৰ জোৱান ৰূপেন চন্দ্ৰ নাথৰ প্ৰতি চৰকাৰীভাৱে প্ৰদান কৰা হৈছে সন্মান ৷ ছহীদ নাথৰ নামত নগাঁও জিলাৰ ৰহাৰ গান্ধীবাৰীৰ পৰা টাংগুনমাৰালৈকে থকা পথটো ছহীদ ৰূপেন চন্দ্ৰ নাথ পথ নামেৰে বুধবাৰে আনুষ্ঠানিকভাৱে নামাকৰণ কৰা হয় ৷

ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে ছহীদৰ নামেৰে পথ নামাকৰণ কৰাৰ কাৰ্যসূচীৰ অংশ হিচাপে দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া নাথৰ স্মৃতি যুগমীয়া কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷ ১৯৯৫ চনৰ ১০ ডিচেম্বৰত জন্মু কাশ্মীৰত উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত সাহসিকতাৰে যুঁজ দি নিহত হৈছিল ৷

এই উপলক্ষে অনুষ্ঠিত সভাত ৩৪ বেটেলিয়নৰ কমাণ্ডেণ্ট এছ এছ উপাধ্যায়, দ্বিতীয় কামাণ্ডিং অফিচাৰ আৰ কে শ্ৰীবাস্তৱ আৰু ডেপুটি কমাণ্ডেণ্ট সত্যবীৰ সিং , সুশান্ত চৰকাৰ , সঞ্জীৱ কুমাৰ, বি ডি অ’ পলাশ বৰা, পঞ্চায়তৰ সভানেত্ৰী গীতাঞ্জলি বৰদলৈ , সম্পাদক পুতুলি ভূঞা , চম্পা দেৱী আদি উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in