কাৰ্বি পাহাৰত বন দস্যুৰ দপ-দপনি

গছ-গছনি কাটি তহিলং, দেইথৰত কেইবা লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ
কাৰ্বি পাহাৰত বন দস্যুৰ দপ-দপনি
কাৰ্বি পাহাৰত বন দস্যুৰ দপ-দপনি

ডিজিটেল সংবাদ, নুমলীগড় : কাৰ্বি পাহাৰত বন দস্যুৰ দপ-দপনি। সেউজ ভূমি কাৰ্বি আংলঙৰ পাহাৰত বন আইনক অংগুষ্ঠ প্ৰদৰ্শনেৰে বনদস্যুৰ দপ-দপনি বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে উত্তৰ ডলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত দেইথৰ উপ-খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ এখন গাঁৱৰ পৰা কেইবালক্ষাধিক মূল্যৰ কাঠ জব্দ কৰে বন বিভাগে।

ঘটনাৰ বিৱৰণ অনুসৰি, নুমলীগড়ৰ সমীপৱৰ্তী উত্তৰ ডলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আৰু উত্তৰ-পূৱ শিলনিজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় দুটাৰ বনকৰ্মীৰ যৌথ টহলদাৰী দল এটাই অভিযান চলাই দেইথৰ উপ-খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ দেইহৰিৰ কোডাম সিংনাৰ গাঁৱৰ এখন পাহাৰৰ নামনিত গোপনে মজুত ৰখা বগৰী, শিলিখা, চেগুন, নগাভেৰ, মাকৰি শাল, বনচোম, শকনকে আদি কৰি কাঠৰ দুই শতাধিক বৃহৎ আকাৰৰ 'ফান্টা' জব্দ কৰে।

ইয়াৰ পিচতে জব্দকৃত মূল্যৱান কাঠসমূহৰ আধা অংশ উত্তৰ-পূৱ শিলনিজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী থকা আধা অংশ দেইথৰ উপ-খণ্ড বন কাৰ্যালয়লৈ অনা হয়। কাঠসমূহৰ মূল্য দুই লক্ষাধিক টকা হ'ব বুলি বনবিভাগৰ এক সূত্ৰই সদৰী কৰে।

আনহাতে, বন বিভাগৰ শীৰ্ষ বিষয়াকে ধৰি বিভিন্ন পক্ষক 'মেনেজ' কৰি বৃহৎ বনদস্যু চক্ৰই কাৰ্বিপাহাৰৰ গছ-গছনি কাটি তহিলং কৰিবলৈ উঠিপৰি লগাৰ উপৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা গঢ়ি তুলিছে। কিন্তু, তেনে অসাধু চক্ৰক উৎসাত কৰাৰ বিপৰীতে বন বিভাগৰ লোকে এক নিৰাপদ দূৰত্বত অৱস্থান কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইপিনে, জব্দকৃত কাঠৰ সৈতে জড়িত ব্যক্তিৰ সম্ভেদ নোপোৱা বুলি বন বিভাগে প্ৰকাশ কৰা বিষয়টোও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in