নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা পদত্যাগ টি জে লংকুমাৰৰ

ৰূপিন শৰ্মা পৰৱৰ্তী ডি জি পি

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা পদত্যাগ টি জে লংকুমাৰৰ

নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা পদত্যাগ টি জে লংকুমাৰৰ

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জে লংকুমাৰে নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা পদত্যাগ কৰিছে । নাগালেণ্ড চৰকাৰে ভূমি ৰাজহ মন্ত্ৰী নেইবা ক্ৰনুৱে বুধবাৰে সংবাদ মাধ্যমক এই কথা অৱগত কৰে।

Advertisment

উল্লেখযোগ্য যে টি জন লংকুমেৰে ২ জানুৱাৰীত পদত্যাগ পত্ৰ দাখিল কৰিছিল। সেয়ে ৰাজ্য চৰকাৰে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে । ক্ৰ’নুৱে কয় যে মন্ত্ৰী সভাত বিদায়ী ডি জি পিৰ ঠাই কোনে ল’ব সেই বিষয়ে আলোচনা কৰা হোৱা নাই যদিও জ্যেষ্ঠ সৰ্বাধিক বিষয়াক ৰাজ্যখনৰ ডি জি পি হিচাপে নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে ২০২২ চনৰ ৩১ আগষ্টত তেওঁৰ প্ৰথম সেৱা বৃদ্ধিৰ ম্যাদ উকলি যোৱাৰ পিছত ছমাহৰ দ্বিতীয়টো সেৱা বৃদ্ধিৰ বাবে হোৱা বিবাদৰ পিছতে লংকুমাৰে পদত্যাগ কৰিছিল। লক্ষনীয়ভাৱে উচ্চতম ন্যায়ালয়ে নাগালেণ্ড চৰকাৰ, কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দেশ দিছিল আৰু ইউ পি এছ চিয়ে ২০২২ চনৰ ১৯ ​​ডিচেম্বৰ বা তাৰ আগতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান (ডি জি পি) নিযুক্তি প্ৰক্ৰিয়া চূড়ান্ত কৰিবলৈ জনাইছিল। আনহাতে নাগালেণ্ডৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমান আইন শৃংখলা বিভাগৰ ডি জি পি ৰূপিন শৰ্মা হ'ব পৰৱৰ্তী সঞ্চালক প্ৰধান।

আৰু পঢ়কঃ জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল

nagaland police nagaland