জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সংৰক্ষণ উঠাই দিয়া মানি লোৱা নহ'ব- ABSU

জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সংৰক্ষণ উঠাই দিয়া মানি লোৱা নহ'ব- ABSU
জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সংৰক্ষণ উঠাই দিয়া মানি লোৱা নহ'ব- ABSU

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিভিন্ন বাদানুবাদ অব্যাহত থকাৰ সময়তে এইবাৰ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে আনুষ্ঠানিকভাৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জনজাতিৰ বাবে সংৰক্ষিত আসন বিলোপ কৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু প্ৰয়োজনবশত: গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলনৰ লগতে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি এবছুৱে হুংকাৰ প্ৰদান কৰিছে ।

আজি এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচত আয়োজিত হোৱা এক সংবাদমেলত এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা অনুসৰি কোকৰাঝাৰ লোকসভা সমষ্টিটো অসংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ দিনৰে পৰা কোকৰাঝাৰৰ লোকসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ খছৰা অনুসৰি উক্ত আসনখন অসংৰক্ষিত কৰাৰ যি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

এবছুৱে সেয়া কেতিয়াও মানি নলয় আৰু বি টি আৰ এলেকাৰ বড়ো ৰাইজেও সেয়া কাহানিও মানি নলয় । ২০০১ চনৰ লোকপিয়ল অনুসৰি আৰু ২০০৮ বৰ্ষৰ প্ৰকাশিত প্ৰস্তাৱিত খছৰা অনুসৰি জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা আসনখন অসংৰক্ষিত কৰিলে এবছুৱে হাত সাৱটি বহি নাথাকে আৰু প্ৰয়োজনবশত: এবছুৱে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব আৰু ইয়াৰ সামন্তৰালভাৱে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে।

এবছুৱে জনজাতিৰ বাবে সংৰক্ষিত আসন খাৰিজ কৰাক লৈ কোনোপধ্যেই আপোচ নকৰে বুলি উল্লেখ কৰি বি টি আৰৰ ষষ্ঠ অনুসূচীৰ অধীনত থকা বিধানসভা আৰু লোকসভাৰ আসনসমূহ জনজাতিৰ বাবে সংৰক্ষিত কৰিব লাগে বুলি এবছুৱে দাবী উত্থাপন কৰিছে। বড়োসকলৰ সাংবিধানিক, ৰাজনৈতিক, সামাজিক অধিকাৰৰ বাবে এবছুৰ দীঘলীয়া সংগ্ৰাম আৰু বি এল টি, এন ডি এফ বিৰ সশস্ত্ৰ সংগ্ৰামৰ পৰিণতিতে বড়োসকলে ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্বশাসনৰ সুবিধা লাভ কৰিছিল আৰু এতিয়া যদিহে সাংবিধানিক ৰক্ষাকৱচ বাহাল নাথাকে তেতিয়াহলে এবছুৱে বড়ো জনগণ আৰু অইন বড়ো জাতীয় তথা অন্যান্য জনজাতীয় সংগঠনক লৈ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।

তদুপৰি নতুনকৈ গঠিত হ'ব লগা ওদালগুৰী লোকসভা সমষ্টিও জনজাতিৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰিছে এবছুৱে। সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োই কয় যে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত সন্দেহযুক্ত নাগৰিকে আহি অবৈধ দখল কৰাৰ বাবেহে অজনজাতীয় লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে বুলি ক্ষোভ ব্যক্ত কৰে ৷

ষষ্ঠ অনুসূচীৰ এলেকাত থকা জনজাতিৰ বাবে সংৰক্ষিত আসন কেইখন বাহাল ৰখাৰ বাবে দাবী জনাই ইয়াৰ অন্যথা অশান্তিমূলক পৰিবেশৰ সৃষ্টি হ'লে ইয়াৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ জবাবদিহি হ'ব লাগিব বুলি সকীয়াই দিয়ে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in