শনিবাৰে ড০ উপেন ৰাভা হাকাচামৰ প্ৰণীত অভিধানৰ উন্মোচনী সভা...

শনিবাৰে ড০ উপেন ৰাভা হাকাচামৰ প্ৰণীত  অভিধানৰ উন্মোচনী সভা...
শনিবাৰে ড০ উপেন ৰাভা হাকাচামৰ প্ৰণীত অভিধানৰ উন্মোচনী সভা...

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা বিশিষ্ট গৱেষক, ভাষাবিদ ড০ উপেন ৰাভা হাকাচামৰ 'সমকালীন অসমীয়া অভিধান অসমীয়া ভাষাৰ অভিনৱ ব্যৱহাৰিক অভিধান' শীৰ্ষ অভিধানখন ৩১ ডিচেম্বৰ শনিবাৰে উন্মোচন কৰা হ'ব। অসমীয়া ভাষাত প্ৰচলিত অভিধানৰ ২০০/২৫০ বছৰীয়া পৰম্পৰা বিপৰীতে সমকালীন বা চলিতঅসমীয়া নৱপ্ৰজন্মৰ মুখৰ ভাষা, বিভিন্ন মিডিয়াৰ ভাষা আৰু তাত প্ৰয়োগ হোৱা শব্দাৱললী সামৰি এই অভিধান প্ৰস্তুত কৰা হৈছে।

প্ৰয়োজন সাপেক্ষে সমাৰ্থক, বিপৰীতাৰ্থক, কৃদন্ত তথা ৰূপতাত্ত্বিক দিশো ইয়াত আলোচনা কৰা হৈছে। লগতে অৰ্থ স্পষ্টকৰণৰ বাবে খণ্ডবাক্যও উদাহৰণ হিচাপে তুলি দিয়া হৈছে।

অসম গ্ৰন্থমেলাৰ প্ৰাংগনত থকা অশোক প্ৰকাশনৰ ৫৩ নং বপণিত শনিবাৰে বিয়লি ৪ বজাত অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট ভাষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ প্ৰাক্তন ৰবীন্দ্ৰনাথ ঠাকুৰ অধ্যাপক ড০ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীয়ে এই অভিধানখন উন্মোচন কৰিব। লগতে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন জৱহৰলাল নেহেৰু অধ্যাপক ড০ শৈলেন ভৰালী।

উল্লেখ্য যে ড০ উপেন ৰাভা হাকাচামৰ এই অভিধানখন ড০ শৈলেন ভৰালীৰ নামত উছৰ্গা কৰা হৈছে। এই গ্ৰন্থ উন্মোচনী সভাত সকলোৰে উপস্থিতি গ্ৰন্থখনৰ প্ৰকশাক অশোক পাব্লিকেশ্যন তথা অভিধানখনৰ প্ৰণেতাই আন্তৰিকতাৰে কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in