/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/345a6b63-26e2-49d9-beba-395d93907e6d/JEHADI.jpg)
জেহাদীৰে সম্পৰ্কঃ আটক আবু বাচাৰ আনছাৰুল
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও আৰক্ষীৰ অভিযান ৷ জেহাদীৰ সন্দেহত আটক এজনক ৷ নগাঁৱৰ জুৰীয়াৰ পৰা আটক আবু বাচাৰ নামৰ এজন লোকক ৷
জানিব পৰা মতে নগাঁৱৰ ক্ৰাইম শাখাই জুৰীয়াৰ পৰা আবু বাচাৰক আটক কৰি নগাঁও সদৰ থানাত জেৰা চলাই আছে ৷ উল্লেখ্য যে, পূৰ্বতেও আবু বাচাৰক নিয়াই জেৰা চলাইছিল ৷ আৰক্ষীয়ে সোধপোচৰ বাবে জেৰা চলাই থকা আবু বাচাৰ আনছাৰুল বাংলাৰে সম্পৰ্ক ৰখাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে বুলি উল্লেখ কৰে ৷
আৰক্ষীয়ে জনোৱা অনুসৰি পূৰ্বতে লক্ষ্নৌৰ এখন মাদ্ৰাছাত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিছিল আবুয়ে ৷ সন্দেহ কৰা মতে লক্ষ্নৌতে আনছাৰুল বাংলাৰে জৰিত হৈ নগাঁৱলৈ আহি জেহাদী সংগঠনটোৰ হৈ কাম কাজ চলাই আহিছিল আবু বাচাৰে ৷
আৰু পঢ়কঃ অসমৰ পৰিৱেশ কৰ্মী 'হাড়গিলা বাইদেউ'লৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান...