অসমৰ পৰিৱেশ কৰ্মী 'হাড়গিলা বাইদেউ'লৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান...

অসমৰ পৰিৱেশ কৰ্মী 'হাড়গিলা বাইদেউ'লৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান...
অসমৰ পৰিৱেশ কৰ্মী 'হাড়গিলা বাইদেউ'লৈ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান...

ডিজিটেল ডেস্ক : হাড়গিলাৰ সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্ছ পৰিৱেশ সন্মান।

গ্ৰীণ অস্কাৰ বঁটা ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ ৰাষ্ট্ৰসংঘই আগবঢ়াইছে চেম্পিয়ন অফ দ্যা আৰ্থ-২০২২ সন্মান। উল্লেখ্য যে, পূৰ্ণিমা দেৱী বৰ্মনে বিশ্বজুৰি বিপদাপন্ন প্ৰজাতিৰ হাড়গিলাৰ সংৰক্ষণৰ বাবে কাম কৰি আহিছে।

যাৰ বাবে তেওঁক হাড়গিলা বাইদেউ নামেৰে বিখ্যাত হৈ পৰিছে। এইগৰাকী পৰিৱেশ কৰ্মীয়ে ইতিমধ্যে ২০১৭ ত গ্ৰীণ অস্কাৰ বঁটা, ২০১৮ ত ভাৰত চৰকাৰৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছে।

ড০ পূৰ্ণিমা দেৱী বৰ্মন বেচৰকাৰী প্ৰতিষ্ঠান অৰণ্যকৰ সৈতেও জড়িত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in