Advertisment

দিল্লী পাব্লিক স্কুলত আয়োজিত আঞ্চলিক বিজ্ঞান প্ৰদৰ্শনীৰ সামৰণি

দিল্লী পাব্লিক স্কুলত আয়োজিত আঞ্চলিক বিজ্ঞান প্ৰদৰ্শনীৰ সামৰণি

author-image
Asomiya Pratidin
New Update
দিল্লী পাব্লিক স্কুলত আয়োজিত আঞ্চলিক বিজ্ঞান প্ৰদৰ্শনীৰ সামৰণি

ডিজিটেল ডেস্ক : দিল্লী পাব্লিক স্কুল, গুৱাহাটীয়ে আয়োজন কৰা আঞ্চলিক বিজ্ঞান প্ৰদৰ্শনীৰ সামৰণী পৰিছে। ৮ নবেম্বৰৰ পৰা আয়োজন কৰা চি বি এছ ই আঞ্চলিক পৰ্যায়ৰ বিদ্যালয় প্ৰদৰ্শনীখনৰ ৯ নৱেম্বৰ শনিবাৰে সফলতাৰে সামৰণী পৰে।

Advertisment

উক্ত প্ৰদৰ্শনীত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ দ্বাৰা বিভিন্ন অভিনৱ প্ৰকল্প প্ৰদৰ্শন কৰা হয়। সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নৰেন্দ্ৰ এছ চৌধুৰী।

দুদিনীয়া এই অনুষ্ঠানটোত ছাত্ৰ- ছাত্ৰী, শিক্ষাবিদ আৰু অভিভাৱকসকলক একত্ৰিত কৰি সৃষ্টিশীলতা আৰু সহযোগিতাৰ মনোভাব গঢ়ি তোলাৰ লগতে বৈজ্ঞানিক উদ্ভাৱনৰ পৰা আৰম্ভ কৰি বহনক্ষম পদ্ধতিলৈকে চি বি এছ চিৰ সৈতে জড়িত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত আলোকপাত কৰে।

মুখ্য অতিথিৰ ভাষণত অধ্যাপক চৌধুৰীয়ে অংশগ্ৰহণকাৰী ছাত্ৰ- ছাত্ৰীসকলক তেওঁলোকৰ নিষ্ঠা আৰু সৃষ্টিশীলতাৰ বাবে প্ৰশংসা কৰে। তেওঁ যুৱ মনৰ মাজত সমালোচনাত্মক চিন্তা আৰু উদ্ভাৱনক প্ৰেৰণা প্ৰদান কৰাত এনে প্ৰদৰ্শনীৰ যথেষ্ট গুৰুত্ব আছে বুলি মন্তব্য কৰে।

উক্ত প্ৰদৰ্শনীৰ পৰা চি বি এছ ই দিল্লীৰ দ্বাৰা মনোনীত এক বিশেষ জুৰী দলৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহহণৰ বাবে ৬ষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মুঠ ৫খন তথা নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ মুঠ ৬খন বিদ্যালয়ক নিৰ্বাচিত কৰা হয়। ৬ষ্ঠ শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ যোগ্যতা অৰ্জন কৰা এই বিদ্যালয় কেইখন হৈছে- দিল্লী পাব্লিক স্কুল,গুৱাহাটী, দিল্লী পাব্লিক স্কুল, অ এন জি চি, নাজিৰা, মহৰ্ষি বিদ্যামন্দিৰ iv, ৰামকৃষ্ণ মিছন বিদ্যালয় আৰু আৰ্মি পাব্লিক স্কুল, শ্বিলং।

একেদৰে নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ যোগ্যতা অৰ্জন কৰা বিদ্যালয় কেইখন হৈছে- আৰ্মি পাব্লিক স্কুল, শ্বিলং, ছেইণ্ট ফ্ৰান্সিছ ডে ছেলছ হায়াৰ ছেকেণ্ডাৰী স্কুল, গুৱাহাটী, ষ্টাৰ পাব্লিক স্কুল আৰু আৰ্মি পাব্লিক স্কুল, নাৰেংগী, মাৰিয়া পাব্লিক স্কুল আৰু আৰ্মি পাব্লিক স্কুল, তেজপুৰ।

প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰা উত্তৰ- পূব ভাৰতৰ সকলো বিদ্যালয়, বিচাৰক আৰু উপস্থিত আটাইকে দিল্লী পাব্লিক স্কুল গুৱাহাটীৰ তৰফৰ পৰা কৃতজ্ঞতা জনায়।

Also Read: চামধৰা গাঁৱত ৬৬ সংখ্যক বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱৰ ব্যাপক আয়োজন

দিল্লী পাব্লিক স্কুল