Advertisment

চামধৰা গাঁৱত ৬৬ সংখ্যক বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱৰ ব্যাপক আয়োজন

চামধৰা গাঁৱত ৬৬ সংখ্যক বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱৰ ব্যাপক আয়োজন

author-image
Asomiya Pratidin
New Update
চামধৰা গাঁৱত ৬৬ সংখ্যক বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱৰ ব্যাপক আয়োজন

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্ত্তন সমিতিৰ সৌজন্যত অহা ১১ নবেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব লগা ৬৬ সংখ্যক বাৰ্ষিক অহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱৰ ব্যাপক আয়োজন চলিছে ৷ চামধৰা গাঁৱৰ স্বৰ্গীয় কমলা ঢুংগানা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিতব্য অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱৰ প্ৰথম দিনা গছপুলি ৰোপনৰ পিছতে স্মৃতিগ্ৰন্থ “কৃষ্ণ দ্বৈপায়ন” উন্মোচন কৰিব অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱৰ মুখ্য অতিথি শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে ৷

Advertisment

সন্ধিয়া বন্তি প্ৰজ্বলন মুকলি কৰিব ৰঙাচকুৱা চাৰিপুখুৰী গাঁৱৰ ঋতুকান্ত দাহালে৷ ১২ নবেম্বৰৰ পুৱা বৰুণ আহৱান উন্মোচন কৰিব হৰিদ্বাৰৰ স্বামী নাৰায়ন মন্দিৰৰ পণ্ডিত ইন্দ্ৰকান্ত গৌতমে ৷

ধৰ্ম্মধজ্জা উত্তোলন কৰিব উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰিকীৰ্ত্তন সমিতিৰ সভাপতি দেৱনায়ক অধিকাৰীয়ে ৷ স্মৃতি তৰ্পন মুকলি কৰিব কেৱলৰাম শৰ্ম্মাই ৷ ইয়াৰ পিছতে মুখ্যদ্বাৰ উন্মোচন কৰিব অনন্ত হৰি কীৰ্ত্তন সংঘৰ জ্যেষ্ঠ সদস্য প্ৰেম নাৰায়ন গৌতমে ৷

সন্ধিয়া শুভাৰম্ভ হোৱা অহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তন চলিব পিচদিনা অৰ্থাৎ ১৩নবেম্বৰৰ পুৱা ৭-৩০ বজালৈ৷ ইয়াৰ পিছতে অনুষ্ঠিত হ’ব অহোৰাত্ৰ অখণ্ড হৰি কীৰ্ত্তনৰ সামৰণি অনুষ্ঠান ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব নদুৱাৰ সমষ্টিৰ বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই। লগতে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক কমল কুমাৰ গুপ্তাকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অতিথিৰ আসন অলংকৃত কৰিব ৷

এই উপলক্ষে উত্তৰজামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিৰ সভাপতি দেৱনায়ক অধিকাৰী আৰু সম্পাদক দ্ৰোণ শৰ্ম্মাই তিনিদিনীয়াকৈ অনিষ্ঠিতব্য আটাইকেইটা কাৰ্য্যসূচীতে সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ৷

Also Read: ৰকিবুল হুছেইনৰ পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰৱ আপ

কীৰ্ত্তন মহোৎসৱ