কোকৰাঝাৰত উদ্ধাৰ ৰিভলভাৰঃ তীব্ৰ চাঞ্চল্য...

কোকৰাঝাৰত উদ্ধাৰ ৰিভলভাৰঃ তীব্ৰ চাঞ্চল্য...
কোকৰাঝাৰত উদ্ধাৰ ৰিভলভাৰঃ তীব্ৰ চাঞ্চল্য...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ আজি কোকৰাঝাৰ সদৰ চহৰৰ মাজমজিয়াৰ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ লগতে থকা অভাৰ ব্ৰীজৰ নামনিত তথা ৰাজহুৱা প্ৰসাৱগাৰৰ সন্মুখত থকা এটা খৰিৰ দমৰ মাজৰ পৰা এটা গুলীভৰ্তি ৰিভলভাৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ।

প্ৰাপ্ত বাতৰি অনুসৰি আজি নিশা প্ৰায় ৯:৩০ মান বজাত এগৰাকী মহিলাই অভাৰব্ৰীজৰ গাতে লাগি থকা "পে এণ্ড ইউজ" টয়লেটৰ সন্মুখত থকা খৰি ল'বলৈ লওঁতেই পিষ্টলটো প্ৰত্যক্ষ কৰে । মহিলাগৰাকীয়ে লগে লগে কাষৰ মানুহক অৱগত কৰাত তেওঁলোকে আৰক্ষীক অৱগত কৰে ।

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মাসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ ৰিভলভাৰটো জব্দ কৰি কোকৰাঝাৰ সদৰ থানালৈ লৈ আনে ৷ ৰিভলভাৰটো কোনে কি কাৰণত তাত লুকুৱাই ৰাখিছিল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

আনহাতে আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত সাংবাদিকৰ আগত কোনো তথ্য সদৰি কৰা নাই । উল্লেখ্য যে, আজি যি স্থানৰ পৰা ৰিভলভাৰটো উদ্ধাৰ হৈছে সেয়া কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ গাতে লাগি থকা পে এণ্ড ইউজ টয়লেট আৰু কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰতে জিলা প্ৰশাসনে প্ৰতিবছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস উদযাপন কৰে ।

২৬ জানুৱাৰীৰ পূৰ্বে উক্ত স্থানত ৰিভলভাৰ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ৰহস্যৰো সৃষ্টি কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in