/asomiyapratidin/media/media_files/2025/03/14/x6FVg58cNhXznOuAIUCG.jpg)
জনগোষ্ঠীয় সংগঠনৰ নেতাৰ প্ৰতাৰণা
ডিজিটেল ডেস্ক: এগৰাকী খাটি-খোৱা মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে এজন জনগোষ্ঠীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে। শদিয়াত শাক-পাচলি বিক্ৰী কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা মহিলাগৰাকীক ভাবুকি প্ৰদান কৰা ৰেকডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মহিলা শাক-পাচলি ব্যৱসায়ীগৰাকীক সংগঠনৰ নেতাই প্ৰতাৰণা কৰাক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
ভাবুকি প্ৰদান কৰা ৰেকডিং সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে লাহোৱালত শুকুৰবাৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলা সমিতি উদ্যোগত তাৎক্ষণিকভাৱে সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মহিলা ব্যৱসায়ীক প্ৰতাৰণা কৰা দ্বীজেন দত্তৰ সৈতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰে সংগঠনটোৰ নেতাসকলে।
কোচ ৰাজবংশী জনগোষ্ঠীক বদনামী কৰা তথাকথিত নেতাগৰাকীক শীঘ্ৰে মহিলা ব্যৱসায়ীগৰাকীক প্ৰাপ্য ধন দিবলৈ সংগঠনটোৱে সংবাদমেলৰ জৰিয়তে দাবী জনাই। অন্যথা কোচ ৰাজবংশী জনগোষ্ঠীক লজ্জানত্ব কৰা তথাকথিত নেতাগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব বুলি সকিয়নি প্ৰদান কৰে সংগঠনটোৱে।