/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/263c11db-c2f5-4331-b3de-57477c2e5260/dddd.jpg)
ডিজিটেল ডেস্ক: আহোম জাতীয় সংগঠন সমূহে ব্যৱহাৰ কৰা এটা প্ৰতীকক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আহোম ৰাজত্ব কালৰ বিভিন্ন স্মৃতি বা পৰৱৰ্তী সময়ত আহোম জাতীয় সংগঠন সমূহে প্ৰতীক হিচাপে এটা ড্ৰেগনৰ ছবি ব্যৱহাৰ কৰে।এই ড্ৰেগনৰ মুখত জুই থাকে।
আনহাতে চাইনিজ ড্ৰেগনৰ প্ৰতিছবিত মুখত জুই নাথাকে। সেই স্পষ্ট পাৰ্থক্য থকাৰ পাছতো কিছু আহোমৰ জাতীয় দল সংগঠনে চাইনিজ ড্ৰেগনকহে আহোম সকলে ব্যৱহাৰ কৰা ড্ৰেগন বুলি প্ৰতীকচিহ্নত প্ৰস্তুত কৰাত বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
সচেতন গৱেষক পণ্ডিতে এই বিষয়টোত গুৰুত্ব সহকাৰে লৈ প্ৰকৃত ড্ৰেগন ব্যৱহাৰৰ বাবে আহোম দল সংগঠন সমূহ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us