ধেমাজিত মল-মূত্ৰ নিষ্কাশনৰ অনাময় বিশেষ প্ৰকল্প মুকলি ৰণোজ পেগুৰ

কোনো এখন নগৰ শৃংখলিতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ বাবে এটা ভাল আধুনিক ৱেস্ত মেনেজমেণ্ট আৰু লিকুইড ৱেষ্ট মেনেজমেণ্ট দৰকাৰ বুলি মন্তব্য মন্ত্ৰী ৰণোজ পেগুৰ

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজিঃ  বৃহস্পতিবাৰে ধেমাজি পৌৰসভাৰ অধীনত প্ৰয়োজনীয় সামগ্ৰীলৈ মল-মূত্ৰ নিষ্কাশনৰ অনাময় বিশেষ প্ৰকল্প এটা আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে মন্ত্ৰী ড° ৰণোজ পেগুৱে ৷  দুগন্ধময় আৱৰ্জনাসমূহ ধেমাজি পৌৰ সভাৰ বিশেষ গাড়ীয়ে সংগ্ৰহ কৰি নি এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে তাৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে প্ৰয়োজনীয় সাৰ আদি প্ৰস্তুত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ধেমাজি পৌৰসভাই ৷

Advertisment

১৫ তম বিত্তীয় বৰ্ষৰ (FSTP)অধীনত ১:১কোটি ব্যয় সাপেক্ষ ধেমাজিৰ পৰা কিছু দূৰ মৰিধল খজুৱাত ২০ বিঘা মাটিকালিত নিৰ্মাণ কৰি উলিওৱা  5.KLDF STP আৰু অনাময় বিশেষ প্ৰকল্পটো মুকলি অনুষ্ঠানত কেবাগৰাকী বিশেষ ব্যক্তি উপস্থিত থাকে।

ক্ৰমে, ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ঋতুপল্লৱ বৰুৱা, ধেমাজি সদৰ মহকুমাধিপতি নন্দিতা ৰয় গোঁহাই, ধেমাজি পৌৰ সভাৰ পৌৰপতি  দীপৰেখা দাস বাঘ্ৰী, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপেন শইকীয়া, উপ পৌৰপতি বিপ্লৱ কোঁৱৰ , কাৰ্য্যবাহী বিষয়া অসীমা হাজৰিকাৰ লগতে জিলাৰ বহু কেইগৰাকী শীৰ্ষ বিষয়া আৰু কৰ্মচাৰী অনুষ্ঠানত উপস্থিত থাকে ৷

প্ৰকল্পটো  মুকলি কৰি বক্তব্যত মন্ত্ৰী গৰাকীয়ে কয় যে, কোনো এখন নগৰ শৃংখলিতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰাৰ বাবে এটা ভাল আধুনিক ৱেস্ত মেনেজমেণ্ট আৰু লিকুইড ৱেষ্ট মেনেজমেণ্ট দৰকাৰ। ৰাজহুৱাভাৱে আজি মই ধেমাজি পৌৰসভাৰ অধীনত Faecal Sludge plant প্ৰকল্প মুকলি কৰিলো।

লগতে কয় যে,ধেমাজি পৌৰসভাৰ বিশ বিঘা মাটিত স্থাপন কৰা এই প্ৰকল্পৰ লগতে গোটা আৱৰ্জনা সমূহৰ বাবে প্ৰকল্প আৰম্ভ কৰিব। ধেমাজিবাসী ৰাইজৰ  বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী মাজত সজাগতা প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে ৷

ৰণোজ পেগু