যিকোনো শিক্ষক-কৰ্মচাৰীয়ে এবিভিপিত যোগ দিব পাৰিব : শিক্ষা মন্ত্ৰী ৰণোজ পেগু...

যিকোনো শিক্ষক-কৰ্মচাৰীয়ে এবিভিপিত যোগ দিব পাৰিব : শিক্ষা মন্ত্ৰী ৰণোজ পেগু...
যিকোনো শিক্ষক-কৰ্মচাৰীয়ে এবিভিপিত যোগ দিব পাৰিব : শিক্ষা মন্ত্ৰী ৰণোজ পেগু...

ডিজিটেল সংবাদ ফিল’বাৰীঃ ৰাজ্যখনৰ কেইবাখনো কলেজৰ অধ্যক্ষ তথা অধ্যাপকে বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান কৰাৰ খবৰে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে আজি ফিল’বাৰীত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ কেৱল কলেজৰ শিক্ষকসকলেই নহয় আন চৰকাৰী কৰ্মচাৰীসকলেও যিকোনো অৰাজনৈতিক তথা গণতান্ত্ৰিক সংগঠনত ইচ্ছা কৰিলে যোগ দিব পাৰে বুলি মতপোষণ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ৷

যিহেতু এ বি ভি পি কোনো ৰাজনৈতিক দল নহয় আৰু তেওঁলোকে কোনো সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ নকৰে তেনেস্থলত কোনো শিক্ষক বা কৰ্মচাৰীয়ে তেনে সংগঠনত যোগদান কৰিলে চৰকাৰে একো কৰিবলগীয়া নেথাকে বুলি স্পষ্ট কৰি দিয়ে পেগুয়ে ৷

অৱশ্যে চৰকাৰী কোনো কৰ্মচাৰীয়ে ৰাজনৈতিক দলত থাকিব নোৱাৰিব বুলি মন্তব্য কৰে তেওঁ ৷ আজি ফিল’বাৰী সমীপৰ নিৰ্মীয়মাণ বুঢ়ীদিহিং মডেল কলেজৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ আহি শিক্ষা মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত তেনেদৰে কয় ৷

কলেজখন পৰিদৰ্শন কৰি মন্ত্ৰী পেগুয়ে ২০২৪ বৰ্ষত বুঢ়ীদিহিং কলেজৰ পাঠদান কাৰ্য আৰম্ভ কৰিব পৰা যাব বুলি উল্লেখ কৰে ৷

যিকোনো শিক্ষক-কৰ্মচাৰীয়ে এবিভিপিত যোগ দিব পাৰিব : শিক্ষা মন্ত্ৰী ৰণোজ পেগু...
আপৰ সেতুবন্ধন কাৰ্যসূচীঃ ড৹ নগেন শইকীয়া, পৱন সিং ঘাটোৱাৰকো সাক্ষাৎ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in