/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/89c43ab0-661b-4394-9cfc-80c507ac7fe3/aap_07.jpg)
আপৰ সেতুবন্ধন কাৰ্যসূচীঃ ড৹ নগেন শইকীয়া, পৱন সিং ঘাটোৱাৰকো সাক্ষাৎ...
ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টীৰ সেতুবন্ধন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক ড৹ নগেন শইকীয়াক ডিব্ৰুগড়ৰ নিজা বাসভৱনত আপৰ নেতৃত্বই সাক্ষাৎ কৰে। সভাপতি ডা৹ ভৱেন চৌধুৰী, অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, উপ-সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত যোৱা দলটোৱে বিশিষ্ট চিন্তাবিদগৰাকীক সাক্ষাৎ কৰি তেওঁৰ কুশল-বাৰ্তা লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/db9c3236-7339-4f9b-81c2-7766be822c7f/638a4178_7e56_448b_b927_7639c687d556.jpg)
একে কাৰ্যসূচীৰ অধীনতে তেওঁলোকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাতোৱাৰ, কানৈ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সুদক্ষিণা দাস বৰদলৈ আৰু ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা শ্যামল শীলকো সাক্ষাৎ কৰে। বিশিষ্ট নাগৰিকসকলৰ সৈতে দেশ আৰু ৰাজ্যৰ ৰাজনৈতিক সমস্যা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।
Also Read: চিৰাঙৰ কাজলগাঁৱত মটৰচাইকেল আৰু মাৰুতি ছুইফ্টৰ মাজত মুখামুখি সংঘৰ্ষ...