বাবৰৰ কলংকিত অধ্যায়ঃ ধ্বংস ক্ৰিকেট কেৰিয়াৰ ! নতুন অধিনায়কৰ সন্ধানত পি চি বি...

বাবৰৰ কলংকিত অধ্যায়ঃ ধ্বংস ক্ৰিকেট কেৰিয়াৰ ! নতুন অধিনায়কৰ সন্ধানত পি চি বি...
বাবৰৰ কলংকিত অধ্যায়ঃ ধ্বংস ক্ৰিকেট কেৰিয়াৰ ! নতুন অধিনায়কৰ সন্ধানত পি চি বি...

ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কৰ কলংকিত অধ্যায়ে তোলপাৰ লগাইছে বিশ্ব ক্ৰিকেট। বিপদত অধিনায়ক বাবৰ আজম। সতীৰ্থৰ দলত নিয়মীয়া স্থান লাভৰ বিনিময়ত বাবৰক লাগে সতীৰ্থৰ প্ৰেয়সীৰে যৌন গন্ধী বাৰ্তালাপৰ সুযোগ।

শেহতীয়াকৈ সহযোগী এগৰাকী ক্ৰিকেটাৰৰ প্ৰেমিকাৰে যৌনগন্ধী বাৰ্তালাপ আৰু ভিডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিছতে বাবৰৰ এই কলংকিত অধ্যায় পোহৰলৈ আহিছে। যিয়ে ক্ৰিকেট জগতত ধুমুহাৰ সৃষ্টি কৰিছে।

দেওবাৰে বাবৰৰ একাধিক গোপনীয় ফটো, কল ৰেকৰ্ডিং, মেচেজ সমাজিক মাধ্যমত বিয়পি পৰিছে। উল্লেখ্য যে পূৰ্বেও যৌন কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিছিল বাবৰ। যাৰ বাবে শাস্তিৰো সন্মুখীন হৈছিল।

পুনৰ বাবৰৰ আন এক যৌন কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া বাবৰৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়। অৱশ্য বাবৰৰ একাংশ অনুৰাগীয়ে এই কথা মানি ল'ব পৰা নাই। তেঁওলোকে দাবী কৰিছে পাক অধিনায়ক গৰাকীৰ ভাৱমূৰ্তী বিনষ্ট কৰাৰ বাবেই একাংশই ষড়যন্ত্ৰ লিপ্ত হৈছে।

ধাৰাবাহিক ভাৱে পোহৰলৈ অহা যৌন কেলেংকাৰীয়ে এতিয়া বাবৰৰ কেৰিয়াৰক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে। জানিব পৰা মতে পাকিস্তানী ক্ৰিকেট ব'ৰ্ডে বাবৰক অধিনায়ক পদৰ পৰা আঁতৰাই নতুন অধিনায়কক দলৰ দায়িত্ব দিবলৈ সাজু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in