মুম্বাইৰ বিৰুদ্ধে আত্মসমৰ্পণ ! তামিলনাডুৰ বিৰুদ্ধে শক্তিশালী হ'বনে অসম? ঘোষণা হ'ল অসম দলটো...

মুম্বাইৰ বিৰুদ্ধে আত্মসমৰ্পণ ! তামিলনাডুৰ বিৰুদ্ধে শক্তিশালী হ'বনে অসম? ঘোষণা হ'ল অসম দলটো...
মুম্বাইৰ বিৰুদ্ধে আত্মসমৰ্পণ ! তামিলনাডুৰ বিৰুদ্ধে শক্তিশালী হ'বনে অসম? ঘোষণা হ'ল অসম দলটো...

ডিজিটেল ডেস্কঃ ১৭ জানুৱাৰীত তামিলনাডুৰ বিৰুদ্ধে ২০২২-২৩ ছিজনৰ ৰঞ্জি ট্ৰফীৰ এখন মেচত অৱতীৰ্ণ হ'ব। মেচখনৰ বাবে অসম দলটো ঘোষণা কৰা হৈছে।

ঘোষিত ছিনিয়ৰ অসম দলটোৰ অধিনায়ক গকুল শৰ্মা। দলটোৰ আন আন সদস্যসকল ক্ৰমে নাছিৰ উল্লাহ (উইকেট কীপাৰ) সুভম মণ্ডল, ঋসভ দাস, ৰিয়ান পৰাগ, শিৱ শংকৰ ৰয়, স্বৰুপম পুৰকায়স্থ, হৃদিপ ডেকা, সিদ্ধাৰ্থ শৰ্মা, অভিষেক ঠাকুৰী (উইকেট কীপাৰ), অভিনৱ চৌধুৰী, সুনীল সেনগুপ্তা, মুখতাৰ হুছেইন আৰু ৰাহুল হাজৰিকা।

আনহাতে ষ্টেণ্ডবাই হিচাপে দলটোত আছে ৰাজাকুদ্দিন আহমেদ, ৰোশন আলম আৰু ৰঞ্জিত মালি। দলটোৰ মুখ্য প্ৰশিক্ষক ট্ৰেভাৰ গনচালভেছ, প্ৰশিক্ষক শুভ্ৰজিত শইকীয়া, প্ৰশিক্ষক, মেনেজাৰ সলিল সিনহা, ফিজিঅ' কৌস্তভ ভৰদ্বাজ, ট্ৰেইনাৰ ভাস্কৰ বৰা আৰু ভিডিঅ' বিশ্লেষক ৰাজেশ শৰ্মা।

উল্লেখ্য যে, গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত ৰঞ্জি ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত মুম্বাইৰ হাতত শোচনীয় পৰাস্ত হয় অসম। প্ৰথমে বেটিং কৰি আজিংক্য ৰাহাণেৰ নেতৃত্বত মুম্বাই দলটোৱে ৰাণৰ পাহাৰ গঢ়িবলৈ সক্ষম হয়।

মেচখনত আলহী দল মুম্বাইয়ে পোনতে বেটিং কৰি ৬৮৭ ৰাণ সংগ্ৰহ কৰে। এই ৰাণৰ মূলতে পৃথ্বি শ্ব'ৰ ত্ৰি-শতক আৰু অধিনায়ক অজিংক্য ৰাহাণেৰ দুৰ্দান্ত শতক। মেচখনত অসমে প্ৰথম আৰু দ্বিতীয় ইনিংছত ক্ৰমে ৩৭০ আৰু ১৮৯ ৰাণ সংগ্ৰহ কৰি এক ইনিংছত আৰু ১২৮ ৰাণৰ ব্যৱধানত মুম্বাইৰ হাতত শোচনীয়ভাৱে পৰাজয় স্বীকাৰ কৰে।

দ্বিতীয় ইনিংছত অসমৰ অধিনায়ক গকুল শৰ্মাৰ বাহিৰে কোনো এগৰাকী বেটছমেনেই যুঁজ দিব নোৱাৰিলে। অধিনায়ক গকুল শৰ্মাই সৰ্বাধিক ৮২ ৰানৰ বৰঙণি আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in