Advertisment

ৰঞ্জী ট্ৰফীঃ হায়দৰাবাদৰ বিপক্ষে অসম

সম্প্ৰতি দেশৰ বিভিন্ন চহৰত চলি আছে ঘৰুৱা ক্ৰিকেট ৰঞ্জী ট্ৰফী প্ৰতিযোগিতা। মঙলবাৰৰ পৰা ৰাজীৱ গান্ধী আন্তৰ্জাতিক ষ্টেডিয়ামত

author-image
Asomiya Pratidin
New Update
ৰঞ্জী ট্ৰফীঃ হায়দৰাবাদৰ বিপক্ষে অসম

হায়দৰাবাদৰ বিপক্ষে অসম

ডিজিটেল ডেস্কঃ সম্প্ৰতি দেশৰ বিভিন্ন চহৰত চলি আছে ঘৰুৱা ক্ৰিকেট ৰঞ্জী ট্ৰফী প্ৰতিযোগিতা। মঙলবাৰৰ পৰা ৰাজীৱ গান্ধী আন্তৰ্জাতিক ষ্টেডিয়ামত আৰম্ভ হৈছে অসম আৰু হায়দৰাবাদৰ মেচ।

Advertisment

আজিৰে পৰা আৰম্ভ হোৱা মেচখনত টছত জয়ী হৈ হায়দৰাবাদে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি অসমে প্ৰথমে বেট ধৰে। বাতৰি লিখা পৰলৈকে অসমে ৮.৫ অভাৰত ৩টা উইকেট হেৰুৱাই ১৮ ৰানত বেটিং কৰি আছে।

মাত্ৰ ১ কৰিয়েই পেভিলিয়নমুখী হয় অধিনায়ক তথা উইকেট কীপাৰ বেটছমেন কুনাল শইকীয়া। উল্লেখ্য যে পূৰ্বৰ দুয়োখন মেচত অসমে ড্ৰ খেলি ৪ পইণ্টেৰে গ্ৰুপৰ ৫ নম্বৰ স্থানত আছে।

আৰু পঢ়কঃমিছন তামিলনাডু ২০২৪...

assam ACA cricket