ৰঙিয়াৰ বি এড কলেজৰ ছাত্ৰ সন্ধানহীন..

ৰঙিয়াৰ বি এড কলেজৰ ছাত্ৰ সন্ধানহীন..

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ বি এড কলেজৰ ছাত্ৰ সন্ধানহীন..

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াৰ বি এড কলেজৰ ছাত্ৰ বিতোপন ৰাজবংশী সন্ধানহীন। ঘটনাৰ বিৱৰণী অনুসৰি ২০ মে’ত ৰঙিয়া বি এড কলেজৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ বিতোপন ৰাজবংশীয়ে কলেজলৈ বুলি পুৱা ওলাই যায়।

Advertisment

ইতিমধ্যে ছাত্ৰজনৰ বাইকখন বগামাটিত উদ্ধাৰ কৰা হৈছে যদিও ছাত্ৰজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালে। ইফালে মঙলবাৰৰ পৰা সকলোতে বিচাৰ খোচাৰ কৰি সন্ধান নোপোৱাত গোৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দিয়ে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, শিঙিমাৰী হাইস্কুলৰ সহ শিক্ষক মহিন ৰাজবংশীৰ একমাত্ৰ পুত্ৰ সন্তান বিতোপন ৰাজবংশী। ভদ্ৰ আৰু অমায়িক ছাত্ৰজনৰ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালৰ লগতে শিঙিমাৰী গাঁওবাসীক। ছাত্ৰজন ৫ ফুট উচ্চতাৰ পিন্ধনত বগা চাৰ্ট আৰু মটীয়া ৰঙৰ লংপেন্ট পৰিহিত। কোনো লোকে কিবা সম্ভেদ লাভ কৰিলে ৯১০১৪-২৯৯৯০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায় ।

Also Read: ষ্ট্ৰং ৰূম স্থাপনৰ ফলত নগাঁৱৰ ৩ খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ব্যাহত..

rangiya b ed student rangiya student