ষ্ট্ৰং ৰূম স্থাপনৰ ফলত নগাঁৱৰ ৩ খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ব্যাহত..

ষ্ট্ৰং ৰূম স্থাপনৰ ফলত নগাঁৱৰ ৩ খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ব্যাহত..

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও চহৰৰ তিনিখন চৰকাৰী খণ্ডৰ ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠানৰ নিয়মীয়া পাঠদান প্ৰায় এমাহ ধৰি বন্ধ হৈ আছে।লোকসভা নিৰ্বাচনৰ কামকাজ পৰিচালনাৰ বাবে বিদ্যালয় কেইখন জিলা প্ৰশাসনে ব্যৱহাৰ কৰা কাৰণেই পাঠদান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰে।

লোকসভা নিৰ্বাচনৰ বাবেই পাঠদান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ থকা নগাঁৱৰ ঐতিহ্য মণ্ডিত চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান কেইখন হৈছে, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়।

অৱশ্যে ইয়াৰ মাজতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ে হোষ্টেলত মে' মাহৰ প্ৰথমৰ পৰা নিয়মীয়া পাঠদানৰ পৰিৱৰ্তে শ্ৰেণী ভিত্তিত পাঠদান কাৰ্যসূচী চলাই আছে।

লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছতেই নগাঁও জিলা প্ৰশাসন আৰু নিৰ্বাচন বিভাগে বিদ্যালয় কেইখন অধিগ্ৰহণ কৰি তাত নিৰ্বাচনৰ যাৱতীয় কাম-কাজ পৰিচালনাৰ বাবে বিভিন্ন কোষ স্থাপন কৰে।

আনকি তাৰ পৰাই নিৰ্বাচনৰ দিনা নগাঁও আৰু কাজিৰঙা সংসদীয় সমষ্টিৰ নিৰ্বাচনী কৰ্তব্যলৈ যোৱা বিষয়া সকলক ই ভি এম আৰু যাৱতীয় অন্যান্য সামগ্ৰী যোগান ধৰা হয়।বিয়লিলৈ তাতে ই ভি এম সমূহো চমজি লোৱা হয়।সেই বিদ্যালয় কেইখনতেই স্থাপন কৰা হয় তিনিটাকৈ ষ্ট্ৰংৰূম।

তাতেই অতি কটকটীয়া নিৰাপত্তাৰ মাজত ইভিএম মজুত ৰখা হৈছে। ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগননা আৰু ফলাফল ঘোষণা কৰা হ'ব। গতিকে ৪ জুনলৈ শিক্ষানুষ্ঠান ৩ খনৰ পাঠদান সম্পূৰ্ণ ৰূপে ব্যাহত হৈ থাকিব।

আনকি ভোটগণনা সম্পন্ন হৈ যোৱা ৩-৪ দিন পাছলৈ বিদ্যালয় কেইখনত পাঠদান কৰিব পৰা নাযাব। সেয়েহে সংশ্লিষ্ট বিদ্যালয় কেইখনত পাঠদান জুনৰ পহিলা সপ্তাহ পৰ্যন্ত বন্ধ হৈ থকাতো নিশ্চিত।চৰকাৰী খণ্ডৰ এই শিক্ষানুষ্ঠান ৩ খনত বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবতো পাঠদান ব্যাহত হৈ থাকে।

চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ পৰীক্ষাৰ ফলাফল সন্তোষজনক নহয় বুলি চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে প্ৰায়েই সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহৰ কৰ্তৃপক্ষকেই জগৰীয়া কৰি আহিছে।

কিন্তু বিভিন্ন চৰকাৰী বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰা,নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰা আদিৰ বাবে নগাঁও চহৰৰ এই ৩ খন চৰকাৰী খণ্ডৰ ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠানৰ পাঠদান ব্যাহত হৈ থকাত শিক্ষাৰ্থী সকল লোকচানৰ সন্মুখীন হয়। স্মৰ্তব্য যে, সংশ্লিষ্ট শিক্ষানুষ্ঠান কেইখন চৰকাৰী কামত ব্যৱহাৰ কৰাৰ সময়ত ছাত্ৰ -ছাত্ৰীৰ বাবে অনলাইন ব্যৱস্থাৰে পাঠদান কৰা নহয়।

এতিয়া জিলাখনৰ আন সকলো বিদ্যালয়ৰেই পাঠদান নিয়মীয়াকৈ চলি আছে।আনকি কোনো কোনো বিদ্যালয়ৰ দুটাকৈ ইউনিট টেষ্টো হৈ গৈছে।উল্লেখ্য যে,নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ ষ্ট্ৰং ৰূম স্থাপনৰ বাবে নগাঁও চহৰত বহু চৰকাৰী ভৱন আছে।সেই সমূহ ব্যৱহাৰ নকৰি বছৰ বছৰ ধৰি প্ৰতিটো নিৰ্বাচনতে নগাঁও চহৰৰ এই ৩ খন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ এমাহ-ডেৰমাহ কাল পাঠদান ব্যাহত কৰি আহিছে।

ষ্ট্ৰং ৰূম স্থাপনৰ ফলত নগাঁৱৰ ৩ খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ব্যাহত..
জাবৰ আঁতৰোৱাক লৈ দুজনক চোকা অস্ত্রৰে প্ৰহাৰ জিম স্বত্বাধিকাৰীৰ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in