ৰঙিয়াৰ ইচ্ছাপুৰত দ্বীনিৱাজ মেহফিল সম্পন্ন...

ৰঙিয়াৰ  ইচ্ছাপুৰত দ্বীনিৱাজ মেহফিল সম্পন্ন...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ ইচ্ছাপুৰত হুচেন আলী ঈদগাহ কমিটিৰ উদ্যোগত বুধবাৰে দ্বীনিৱাজ মেহফিল অনুষ্ঠিত হয়। কাৰ্য্যসুচীৰ অংশ হিচাপে পুৱা ৯ বজাত ধর্মীয় পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সমিতিৰ সভাপতি নুৰজামাল আলীয়ে। ইয়াৰ পিছতে কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ লগতে গজল, কোৰানপাঠ অনুষ্ঠিত হয়। বিয়লি বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত কৰা হয়।

সম্পাদক চাইফুৰ ৰহমান আনচাৰীয়ে আঁত ধৰা সভাত নিৰ্দিষ্ট বক্তাৰূপে পশ্চিম বনভাগ হাইস্কুলৰ প্ৰধান শিক্ষক চফিকুল ইছলাম, আমন্ত্ৰিত অতিথিৰূপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সমৰ আলী আহমেদে অংশগ্ৰহণ কৰি ভাষণ ৰাখে। সন্ধিয়া ৭ বজাৰ পৰা জলছাহৰ কাৰ্য্যসূচী আৰম্ভ হয়। জলছাহত অংশগ্ৰহণ কৰি ধৰ্মীয় বক্তব্য আগবঢ়ায় আমিনুল ইচলামে। অন্তত দোৱা কৰে হোজাই জিলাৰ কুঠুৰী মাদ্রছাৰ পীৰে কামিল আলহাজ আবুল কাচেমে ।

ৰঙিয়াৰ  ইচ্ছাপুৰত দ্বীনিৱাজ মেহফিল সম্পন্ন...
ফণীভূষণ চৌধুৰী অসমৰ ৰাজনীতিৰ ভীষ্ম, এগৰাকী সুদক্ষ ব্যক্তিঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in