/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d831cb92-748b-4102-9f6f-c80e2a737c47/13.jpg)
ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ইতিমধ্যে বিজয়ী হৈ গৈছে। এই বিষয়ে চিন্তা কৰিবলগীয়া নাই।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। বঙাইগাঁও জিলাৰ মাণিকপুৰত বৃহস্পতিবাৰে এনডিএ-ৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত এখন বিশাল বিজয় সংকল্প সভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6956f8e4-0315-42d3-9f01-72a18703c784/83ad7b93_868c_405d_b872_b1fa140ed1db.jpg)
ইতিহাসপ্ৰসিদ্ধ মাণিকপুৰলৈ আহি আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ফণীভূষণ চৌধুৰী ইতিমধ্যে বিজয়ী হৈ গৈছে, এই বিষয়ে চিন্তা কৰিবলগীয়া নাই।বিৰোধীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে ইয়াত বিৰোধীৰ কোনো অস্তিত্ব নাই। মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত বিৰোধীয়েও নাজানে যে তেওঁলোকৰ প্ৰাৰ্থী কোন?
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b6df19c6-1529-4879-beb9-e54a7e5b3742/d707dea1_bac2_46d7_8c52_c8d5af87be51.jpg)
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ বৰপেটা লোকসভা সমষ্টিৰ পৰিৱেশ পৰিস্থিতিৰ কথা মনত পেলাই মন্ত্ৰীগৰাকীয়ে কয় যে এটা সময়ত এনেকুৱা দিন আছিল যে বৰপেটা লোকসভা সমষ্টিত আমি আমাৰ নিজৰ মানুহ জিকাবলৈ পাৰিম নে নাই তাক লৈ এটা শংকা আছিল। কিন্তু এইবাৰ সেই পৰিৱেশ নোহোৱা হ’ল। কিয়নো এইবাৰ নিৰ্বাচন আয়োগ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰ দিকদৰ্শন লৈ কাম কৰিলে, যাৰ কাৰণে আজি আমি গৌৰৱেৰে ক’ব পৰা হ’লো যে বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীৰ দৰে আমাৰ এজন নিজৰ মানুহ আৰু এগৰাকী সুদক্ষ ব্যক্তিক আমি ৫ লাখতকৈ বেছি ভোটত জিকাই পঠাব পাৰিম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5263e623-bd25-4c2e-8b2d-95450513ef2f/074c7018_de70_45d6_9153_18c5eda560dd.jpg)
তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাক যিদৰে গৌৰাৱান্বিত কৰিছে, তেনেকৈ কোনো এজন প্ৰধানমন্ত্ৰীয়ে গৌৰাৱান্বিত কৰিব পৰা নাছিল।
মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে আগতে যিসকল মানুহ ধৰ্মৰ কথা চিন্তা কৰি আমাৰ পৰা আঁতৰি আছিল, আজি সেইসকল মানুহেও অগপৰ লগত আহি আমাৰ সৈতে যোগ দিছে। তেওঁলোককো লগত লৈ আজি আমি এখন বিকশিত অসম, উন্নয়নৰ অসম আগবঢ়াই নিয়াৰ চেষ্টা কৰিছো। আজি আমি যিমানবোৰ অঞ্চললৈ গৈছো, সকলোতে হাজাৰ হাজাৰ সংখ্যালঘু লোক আমাৰ সৈতে ওলাই আহিছে। কিয়নো নৰেন্দ্ৰ মোডীৰ নেতৃত্বত প্ৰতিটো জাতি-জনগোষ্ঠীৰ লগতে সংখ্যালঘু লোকেও উন্নয়ন বাট দেখিবলৈ পাইছে বুলি মন্তব্য কৰে।
Also Read: নিৰ্বাচনৰ ভৰপক সময়তে বংগৰ পঞ্চায়তত দুৰ্বৃত্তৰ গুলীচালনা...