/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-18/z0rfyet2/5.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া: ৰঙিয়াৰ দীপ্তেশ্বৰী আঞ্চলিক ৰাস হৰি মন্দিৰৰ সোণালী জয়ন্তী প্ৰস্তুতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়।বিগত বৰ্ষৰ হিচাপ দাখিল, হৰিমন্দিৰ আৰু সোণালী জয়ন্তী উদ্যাপন কমিটি গঠন আৰু স্বর্ণজয়ন্তী মহোৎসৱ প্রস্তুতি সম্পর্কে সাধাৰণ সভাত আলোচনা কৰা হয়।
দেওবাৰে ৰঙিয়াৰ দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ স্বৰ্ণজয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয় । দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ স্বৰ্ণজয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰা হৈছে।
সভাত দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি গৌৰাংগ নাথ, ধ্ৰুৱ নাথ,হৰেশ্বৰ কলিতা, ধ্ৰুৱ কলিতাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।
Also Read: উৰিয়ামঘাটত দোকানীক প্ৰহাৰৰ চেষ্টা নগা দুৰ্বৃত্তৰ...