/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-18/s9q9v9kp/4.jpg)
ডিজিটেল সংবাদ,সৰুপথাৰঃ অসম-নগালেণ্ড সীমান্ত উৰিয়ামঘাটত সংঘটিত হৈছে ভয়াৱহ কাণ্ড। নগা-দুৰ্বৃত্তৰ অত্যাচাৰৰ বলি হৈছে স্থানীয় ৰাইজ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ২নং চেতীয়া গাঁৱত কৰ্মকাৰ উপাধিৰ লোকজনৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি নগদ ধনৰ পৰিৱৰ্তে অনলাইনযোগে ধন পৰিশোধ কৰিব বুলি কৈছিল ৫জন নগা লোকে।
তাৰ পিছত কোনো কথাত মতৰ অমিল হৈ দুই পক্ষৰ মাজত প্ৰথমে তৰ্কা-তৰ্কি হয়। পাছত ৫ নগাই দোকানীজনক মাৰ-ধৰ কৰিবলৈ উদ্যত হয়। ইমানতে শান্ত নাথাকি ৫দুৰ্বৃত্তই দোকানৰ সামগ্ৰী পেলাই নষ্ট কৰে। লগতে টিঙৰ গেট কাটি দোকানীক প্ৰহাৰৰ চেষ্টা চলায়।
নগা দুৰ্বৃত্ত কেইজন নিউ চাংলাচুঙ বস্তিৰ লুংচি কিকন, আখব্ কিকন, আখাংগ', বিবেন ল'ঠা আৰু আচাম'আহে বুলি চিনাক্ত কৰা হৈছে। এনে ঘটনাই অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
Also Read: বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালাক ব্রহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সম্বৰ্ধনা
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us