ৰঙিয়াৰ সমাজকৰ্মী মনেশ্বৰ তালুকদাৰৰ বিয়োগ...

ৰঙিয়াৰ সমাজকৰ্মী মনেশ্বৰ তালুকদাৰৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ সমাজকৰ্মী মনেশ্বৰ তালুকদাৰৰ বিয়োগ...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ বাৰাংহাটীৰ খাৰাতোলা নিবাসী অৱসৰী কৰ্মচাৰী তথা সমাজকৰ্মী মনেশ্বৰ তালুকদাৰ শুকুৰবাৰে নিশা নিজ বাসগৃহত বিয়োগ ঘটে । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ পিছত শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাত চিকিৎসাধীন অৱস্থাত আছিল।

ৰঙিয়াৰ সমীপৱৰ্তী ডিমু বাৰাংহাটীৰ কেইবাটাও সামাজিক অনুষ্ঠান বকুলতল গোপাল মন্দিৰ, বাৰাংহাটী নামঘৰ তথা দুৰ্গা পূজা কমিটিকে ধৰি সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল সমাজকৰ্মী মনেশ্বৰ তালুকদাৰ। সমাজপ্ৰিয় ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে ৰঙিয়াৰ সমীপৰ বাৰাংহাটীৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা সমাজপ্ৰাণ ব্যক্তি মনেশ্বৰ তালুকদাৰে অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬ বছৰ ।

১৯৫০ চনত বাৰাংহাটীৰ বকুলতল চুবুৰীত জন্ম গ্ৰহণ কৰা সমাজকৰ্মী ব্যক্তিগৰাকীয়ে এজন প্ৰকৃত ভদ্ৰলোক হিচাপে সকলোকে ব্যৱহাৰৰ দ্বাৰা আকৰ্ষিত কৰিব পাৰিছিল৷ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তিগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী , পুত্ৰ, জী-জোঁৱাই আৰু বোৱাৰী-নাতি আদিক সকলোকে ইহসংসাৰত এৰি থৈ যায়।

Also Read: হাওৰাঘাট তিনিআলিত গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ তিৰোভাৱ তিথিৰ সামৰণি

rangiya