হাওৰাঘাট তিনিআলিত গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ তিৰোভাৱ তিথিৰ সামৰণি

হাওৰাঘাট তিনিআলিত গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ তিৰোভাৱ তিথিৰ সামৰণি

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ উদ্যোগত ২৩ মে'ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ ৬৯ সংখ্যক তিৰোভাৱ তিথিৰ সফল সামৰণি পৰে । কাৰ্যসূচী অনুসৰি ২৩ মে'ত বিয়লি ভক্ত প্ৰতিনিধিসকলৰ আগমণ ও নাম পঞ্জীয়ন কৰা হয়।

ইয়াৰ পিছতে মুখ্য তোৰণ উন্মোচন কৰে বিশিষ্ট সমাজ কৰ্মী তথা চৰকাৰী গাওঁবুঢ়া ধ্ৰুৱ ব্ৰহ্মই । ইয়াৰ পিছতে বিষয় বাচনী সভাৰ দ্বাৰ মুকলি কৰে পদুম পুখুৰী গাঁৱৰ সমাজ সেৱক লক্ষণ খাখলাৰীয়ে। মাংগলিক যজ্ঞ শুভাৰম্ভ কৰে পুৰোহিত মহেশ্বৰ খাখলাৰীয়ে।

সন্ধিয়া অনুষ্ঠিত বিষয় বাচনী সভাত সভাপতিত্ব কৰে দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্মই । ২৪ মে'ত পুৱা গুৰুদেৱৰ স্মৃতি মঠত পুষ্পাঞ্জলী অৰ্পণ কৰে পুৰোহিত সন্মিলনৰ সম্পাদক ডিম্বেশ্বৰ দৈমাৰীয়ে।উদয়াস্ত অখণ্ড যজ্ঞ প্ৰজ্বলন কৰে আচাৰ্য লক্ষীন্দ্ৰ ব্ৰহ্ম গয়াৰীয়ে ।

ইয়াৰ পিছতে শাস্ত্ৰ পাঠ অনুষ্ঠান শুভাৰম্ভ কৰা হয় । শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা কৰে পুৰোহিতদ্বয় ক্ৰমে পবিত্ৰ খাখলাৰী আৰু ৰায় প্ৰসাদ খাখলাৰীয়ে । অনুষ্ঠানত কাউৰী পথাৰ,পদুম পুখুৰী,আমনি,দক্ষিণ আমনি,গৰখীয়া পুখুৰী,মাজগাঁও,১ নং দিঘলী পাৰ, গণেশপুৰ,বাহনি গাঁও,ৰংজক আন,লৰিংথেপি আদি গাঁৱৰ ৰাইজ উপস্থিত থাকে।

উক্ত অনুষ্ঠানত গৰখীয়া পুখুৰী,দক্ষিণ দীঘলীপাৰ আৰু আমনি গাঁৱৰ আইসকলৰ দ্বাৰা ভাগৱতৰ নাম কীৰ্তন কৰা হয়। বিয়লি ১-০০বজাত মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়।

সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্মই। সভাৰ উদ্ধোধনী নাম কীৰ্ত্তন পৰিচালনা কৰে আমনি গাঁৱৰ কীৰ্ত্তন দলে ।

অতিথিৰ চিনাকি পৰ্বৰ আঁত ধৰে সমিতিৰ সাধাৰণ সম্পাদক দশৰথ ব্ৰহ্মই । সভাখন উদ্ধোধন কৰে আমনি গাঁৱৰ বিশিষ্ট সমাজ সেৱক জয়ন্ত বসুমতাৰীয়ে।

উক্ত সভাতে সদৌ অসম ব্ৰহ্ম ধৰ্ম মহিলা শাখাৰ উপদেষ্টা তথা পুৰোহিত প্ৰচাৰ সংসদৰ নীলিমা ব্ৰহ্মই শ্ৰীমৎ আশীলাল ব্ৰহ্মচাৰী ( প্ৰেমানন্দ ) বাবাৰ কৰ্ম জীৱন আৰু গুৰুদেৱ কালীচৰণব্ৰহ্ম বাবাৰ কৰ্ম জীৱনৰ ওপৰত লিখা গ্ৰন্থখনি উন্মোচন কৰা হয়। উন্মোচন কৰে- আচাৰ্য লক্ষীন্দ্ৰ ব্ৰহ্ম গয়াৰীয়ে ।

ইয়াৰ পাছতে সভাত গুৰুদেৱ দুজনাৰ জীৱনৰ ওপৰত আলোকপাত কৰে পুৰোহিত হৰিদাস বসুমতাৰী আৰু লেখিকা নিলীমা ব্ৰহ্মই । সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে পদুম পুখুৰী গাৱঁৰ বিশিষ্ট সমাজ সেৱক চন্দ্ৰ খাখলাৰীয়ে ।

আনহাতে আচাৰ্যৰ ভাষণ প্ৰদান কৰে আচাৰ্য কালিকান্ত ৰাভা আৰু লক্ষীন্দ্ৰ ব্ৰহ্ম গয়াৰীয়ে। সন্ধিয়া উদয়াস্ত অখণ্ড যজ্ঞ কৰা হয় । উল্লেখ্য যে ২৫ মে'ত পুৱাৰ ভাগৰ পৰা প্ৰীতি সন্মিলন অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্মই ।

হাওৰাঘাট তিনিআলিত গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ তিৰোভাৱ তিথিৰ সামৰণি
ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ৫-০০বজালৈকে ক'ত, কিমান শতাংশ ভোটদান, সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in