ভাৰতীয় সাংবাদিক ৰাণা আয়ুবলৈ আমেৰিকাৰ সৰ্বোচ্চ সাংবাদিকতাৰ বঁটা...

ভাৰতীয় সাংবাদিক ৰাণা আয়ুবলৈ আমেৰিকাৰ সৰ্বোচ্চ সাংবাদিকতাৰ বঁটা...
ভাৰতীয় সাংবাদিক ৰাণা আয়ুবলৈ আমেৰিকাৰ সৰ্বোচ্চ সাংবাদিকতাৰ বঁটা...

ডিজিটেল ডেস্কঃ ৱাশ্বিংটন পোষ্টৰ জ্যেষ্ঠ সাংবাদিক ৰাণা আয়ুবলৈ আগবঢ়োৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ সাংবাদিকতাৰ বঁটা জন অবুচন প্ৰছ ফ্ৰীডম এৱাৰ্ড। এই সন্মানীয় বঁটা লাভ কৰা ৰাণা আয়ুব প্ৰথমগৰাকী ভাৰতীয়।

এই বঁটা লাভ কৰি ৰাণা আয়ুবে নিজৰ আনন্দ প্ৰকাশ কৰি নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে অনুভৱ প্ৰকাশ কৰিছে। আনহাতে এই বঁটা গ্ৰহণ কৰি দিয়া ভাষণত ৰাণা আয়ুবে কয়, যি সময়ত তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ খবৰ দিয়া হৈছিল সেই সময়ত তেওঁ আত্মগোপন কৰি আছিল। কিয়নো এটা গোচৰত ৰাণা আয়ুব আৰু তেওঁৰ সতীৰ্থ দুয়ো অভিযুক্ত আছিল। ৪ বছৰ পুৰণি এটা টুইটৰ বাবেই ৰাণা আয়ুবক জেললৈ নিক্ষেপ কৰা হৈছিল।

উল্লেখ্য যে ৰাণা আয়ুবে ভাৰতত মুছলমানসকলে ভূগি অহা বিভিন্ন সমস্যা আৰু তেওঁলোকৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে বাতৰি লিখি আহিছিল।

তেওঁ বঁটা গ্ৰহণ কৰি নিজৰ ভাষণত এই সন্দৰ্ভত কয়, "এই ভাষণৰ বাবে, মোৰ দেশে মোক ক'ব যে মই দেশপ্ৰেমহীন। মই বিশ্বাস কৰোঁ যে, মই ভাৰতক পৃথিৱীৰ আন যিকোনো দেশতকৈ বেছি ভাল পাওঁ...।

তেওঁ কয় এয়াই হয়তো মোৰ ভাৰতৰ বাহিৰত অন্তিম ভ্ৰমণ হ'ব ! এয়া কেৱল মুছলমান সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰ নহয়। এয়া হৈছে ভাৰতৰ কাহিনী, যি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ, যি ফেচিবাদৰ অৱস্থালৈ গতি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in