/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/bv2uc3pi/lolo.jpg)
ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ অন্তত ৰাজ্যসভাৰ দুই আসনৰ বাবে অসম বিজেপিয়ে চূড়ান্ত কৰিলে প্ৰাৰ্থীৰ নাম। বিজেপিৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰৰ প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক অসমৰ খালী হৈ থকা ৰাজ্যসভাৰ দুখন আসনৰ প্ৰাৰ্থী হিচাপে চূড়ান্ত কৰিছে কেন্দ্ৰীয় নেতৃত্বই।
শেহতীয়াকৈ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, অমিত শ্বাহ আৰু জে পি নড্ডাৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত চূড়ান্ত কৰা হৈছে এই দুই নেতাৰ প্ৰাৰ্থিত্ব। প্ৰথম পৰ্যায়ত ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থিত্বক লৈ কিছু দোমোজাৰ সৃষ্টি হৈছিল যদিও, অন্তিম ক্ষণত সৰ্বানন্দ সোণোৱালৰ পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি ৰামেশ্বৰ তেলীক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব দিয়াৰ কথাত সহমতত উপনীত হয় সকলো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/ou4pgvcs/456334533_1114198356821137_5044844782065187092_n.jpg)
ইফালে বৰাকৰ পৰা প্ৰাক্তন সাংসদ তথা এইবাৰ টিকট বঞ্চিত হোৱা ড০ ৰাজদ্বীপ ৰয়ৰ নামো চৰ্চাত আছিল যদিও, শেষ পৰ্যায়ত মিছনৰঞ্জন দাসৰ নামেই চূড়ান্ত কৰে নেতৃত্বই। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা ৪বাৰৰ বিধায়ক হোৱা মিছনৰঞ্জন দাসে ইতিমধ্যে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে।
বুধবাৰে অৰ্থাত ২১আগষ্টত ৰামেশ্বৰ তেলীৰ সৈতে মিছনৰঞ্জন দাসেও মনোনয়ন দাখিল কৰিব। ইতিমধ্যে বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি, বিহাৰৰ ৰাজ্যসভাৰ এখন আসনৰ বাবে মনন কুমাৰ মিশ্ৰ, হাৰিয়ানাৰ বাবে কিৰণ চৌধুৰী, মধ্য প্ৰদেশৰ বাবে জৰ্জ কুৰিয়েনৰ নাম চুড়ান্ত কৰা হৈছে।
ইফালে মহাৰাষ্ট্ৰ এখন আসনৰ বাবে ধৈৰ্যশীল পাটিল, ওড়িশাৰ মমতা মেহতা. ৰাজস্থানৰ চৰদাৰ ৰবনীত সিং সিদ্ধু আৰু ত্ৰিপুৰাৰৰ ৰাজ্যসভাৰ এখন আসনৰ বাবে ৰাজীৱ ভট্টাচাৰ্যক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজেপিয়ে।
Also Read: ৰাধিকা ৰাজেঃ আম্বানীৰ ঘৰতকৈ ১০গুণ ডাঙৰ অট্টালিকাত বাস কৰা ভাৰতৰ ধুনীয়া ৰাণীগৰাকী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us