/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/9v4vtry8/lol.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ সবাতোকৈ দামী ঘৰটো বুলি কলে আপোনাৰ মনলৈও হয়তো আহে মুকেশ আম্বানীৰ ঘৰ এন্টেলিয়াৰ কথাই মনলৈ আহে। কিন্তু আপুনি জানেনে, আমাৰ ভাৰততে আছে এনে এটা অট্টালিকা যিটোৰ অট্টালিকাৰ দাম মুকেশ আম্বানীৰ ঘৰটোতকৈ বেছি। এই ঘৰটোত এতিয়াও পৰিয়ালৰ সৈতে বাস কৰে এগৰাকী মোহময়ী ৰাণী। যাক ভাৰতৰ অন্যতম ধুনীয়া ৰাণী হিচাপেও বহুতে গণ্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/rfngm85y/112581254.webp)
অখ্যাত কিন্তু ধনী আৰু ধুনীয়া এই ৰাণীগৰাকীয়েই হৈছে ৰাধিকা ৰাজে গায়কৱাড। বৰোডাৰ ৰাজ পৰিয়ালৰ ৰাণী ৰাধিকা ৰাজে এতিয়াও বাস কৰে ৰাজমহলত। সকলো সুবিধা উপলদ্ধ এই সুবিশাল ৰাজ অট্টালিকাটোত সন্তান আৰু স্বামীৰ সৈতে এতিয়াও বাস কৰে ৰাণী ৰাধিকা। চৰ্চাৰ পৰা আতৰি থাকিলেও যেতিয়াই ভাৰতৰ দামী ঘৰ বা অট্টালিকাৰ কথা আহে, তেতিয়াই চৰ্চালৈ আহে ৰাণী ৰাধিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/iqv3sxqm/112581255.webp)
উল্লেখ নকৰি নোৱাৰি যে, বৰোডাত থকা মহাৰাজ সমৰজীত সিং আৰু ৰাধিকা ৰাজেৰ এই অট্টালিকাতো হৈছে বিশ্বৰ ভিতৰতে সবাতোকৈ ডাঙৰ অট্টালিকা। মুকেশ আম্বানীৰ ঘৰ এন্টেলিয়াতকৈ প্ৰায় ১০গুণ ডাঙৰ ৰাধিকা ৰাজেৰ এই অট্টালিকাটো। এই অট্টালিকাটোৰ আনুমানিক মূল্য ২৪হাজাৰ কোটি টকা বুলি ধাৰণা কৰা হৈছে। প্ৰায় ৩কোটি ৪লাখ ৯২হাজাৰ বৰ্গ ফুট ধৰি এলেকা আগুৰি আছে এই অট্টালিকাটোৰ চৌহদে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/25xmzfcv/112581258.webp)
এই সুবিশাল অট্টালিকাটোত আছে ১৭০টা ৰূম। এই অট্টালিকাটোৰ তুলনা বিট্ৰেইনৰ ৰাজমহলৰ সৈতে তুলনা কৰা হয় যদিও এইটোততকৈ বহুগুণে ডাঙৰ ৰাধিকা ৰাজেৰ এই অট্টালিকাটো। এই অট্টালিকাটোত আপুনিও এনিশা কটাই সকলোখিনি দৰ্শন কৰিব পাৰে। তাৰ বাবে ৰাজ ৰাজপৰিয়ালটোৱে বিশেষ ব্যৱস্থাও কৰিছে। অট্টলিকাটোৰ কিছু অংশ পৰ্যটকৰ বাবে মুকলি কৰি দিছে মহাৰাজ সমৰজীত সিং আৰু ৰাধিকা ৰাজেই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-20/z3q5x3tb/112581250.webp)
Also Read: চৰকাৰৰ মুকলি অফাৰঃ দেশ এৰি গ'লে নগদ ধনেৰে দিয়া হ'ব পুৰস্কাৰ...