ৰাজ্যসভা নিৰ্বাচন: মনোনয়ন দাখিল বিজেপিৰ দুই প্ৰাৰ্থীৰ..

ৰাজ্যসভা নিৰ্বাচন: মনোনয়ন দাখিল বিজেপিৰ দুই প্ৰাৰ্থীৰ..

author-image
Asomiya Pratidin
New Update
ৰাজ্যসভা নিৰ্বাচন: মনোনয়ন দাখিল বিজেপিৰ দুই প্ৰাৰ্থীৰ..

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ খালী হৈ থকা দুখন আসনৰ বাবে বুধবাৰে মনোনয়ন দাখিল কৰে বিজেপিৰ দুই নেতাই । ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস হ’ব ৰাজ্যসভাৰ প্ৰাৰ্থী। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে দুই বিজেপি নেতাই।

Advertisment

উল্লেখ্য যে, ৰামেশ্বৰ তেলী পূৰ্বে দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক আছিল। লগতে ডিব্ৰুগড় লোকসভাৰ সাংসদ হিচাপে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আছিল। মিছন ৰঞ্জন দাস হ’ল উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ৪বাৰৰ প্ৰাক্তন বিধায়ক।ইফালে এই পর্যন্ত বিৰোধী দলে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই।

মঙলবাৰে এই সন্দৰ্ভত আলোচনাৰ বাবে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত প্রকাশ কৰি কয় যে, দুয়োগৰাকী প্রার্থীয়ে দলীয় সংগঠনক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিশ্রুতিবদ্ধ।

Also Read: মৰিগাঁৱত বানৰ সম্ভাৱনাঃ সকিয়াই দিলে প্ৰশাসনে...

rajya sabha rameshwar teli