মৰিগাঁৱত বানৰ সম্ভাৱনাঃ সকিয়াই দিলে প্ৰশাসনে...

মৰিগাঁৱত বানৰ সম্ভাৱনাঃ সকিয়াই দিলে প্ৰশাসনে...

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত বানৰ সম্ভাৱনাঃ সকিয়াই দিলে প্ৰশাসনে...

ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁও জিলাৰ সকলো বাসিন্দালৈ জাননী প্ৰেৰণ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। মেঘালয় পাৱাৰ জেনেৰেচন কৰ্পৰেশ্যন লিমিটেডে উমিয়াম নদীৰ তলৰ অঞ্চল আৰু উমিয়াম বান্ধৰ সিপাৰৰ অঞ্চলত প্ৰচণ্ড বৰষুণ আৰু পানীৰ নিৰ্গমন বৃদ্ধিৰ বাবে সম্ভাব্য বানৰ বিষয়ে সকীয়াই দিছে।

Advertisment

এই বান্ধৰ পানীয়ে বিশেষকৈ মৰিগাঁও জিলাৰ কিলিং নদীৰ কাষৰীয়া নেলী, গোভা আদি অঞ্চলত ক্ষতি কৰা সম্ভৱনা আছে। সেয়েহে সমূহ মৰিগাঁও বাসী ৰাইজক সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে।

Also Read: মঙলদৈত চিকিৎসক-ৰোগীৰ মাজত মাৰ-পিটঃ হাস্পতালত ভৰ্তি ৰোগী

Morigaon flood