দৰিদ্ৰতা আৰু শাৰীৰিক বাধাকো নেওচি উজলিল ধেমাজিৰ ৰাজশ্ৰী দেৱী...

দৰিদ্ৰতা আৰু শাৰীৰিক বাধাকো নেওচি উজলিল ধেমাজিৰ ৰাজশ্ৰী দেৱী...

author-image
Asomiya Pratidin
New Update
দৰিদ্ৰতা আৰু শাৰীৰিক বাধাকো নেওচি উজলিল ধেমাজিৰ ৰাজশ্ৰী দেৱী...

দৰিদ্ৰতা আৰু শাৰীৰিক বাধাকো নেওচি উজলিল ধেমাজিৰ ৰাজশ্ৰী দেৱী...

ডিজিটেল সংবাদ বেবেজীয়াঃ দৰিদ্ৰতা আৰু শাৰীৰিক বাধা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। সেই কথা পুনৰ প্ৰমাণ হ’ল নগাঁও জিলাৰ বেবেজীয়া সমীপৰ পেটবহা ধেমাজিত ৷

Advertisment

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ অধীনত অনুষ্ঠিত পৰীক্ষাত ৰাজশ্ৰী দেৱীয়ে মীন বিভাগত অসমৰ ভিতৰতে তৃতীয় স্থান অধিকাৰ কৰি মীন উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰাজশ্ৰী দেৱীৰ পিতৃ সুৰেন্দ্ৰ নাথ এগৰাকী ভেঞ্চাৰ স্কুলৰ শিক্ষক আৰু মাতৃ সবিতা দেৱী এগৰাকী সাধাৰণ গৃহিণী ৷

আনহাতে বৰদেউতাক লিলাধৰ নাথ আৰু বৰমাক প্ৰভালতা দেৱীৰ আশ্ৰয়তেই সৰুৰে পৰা ডাঙৰ- দীঘল হোৱা নিম্নবিত্ত পৰিয়ালৰ সন্তান ৰাজশ্ৰীৰ সাফল্যই পৰিয়ালৰ লগতে উৎফুল্লিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক ৷ ৰাজহাড়ৰ দৰে শৰীৰৰ প্ৰধান অংগৰ অত্যন্ত বিষৰ বাবে কিছুদিনৰ আগতে শয্যাশায়ী হৈ থকা স্বত্বেও সকলো বাধা নেওচি নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি সফলতা অৰ্জন কৰা ৰাজশ্ৰীয়ে তেওঁৰ কৃতিত্বৰ বাবে পৰিয়ালৰ লগতে শিক্ষাগুৰু আৰু গাঁৱৰ ৰাইজক ধন্যবাদ জনায় ৷

সেয়ে, এই সুখবৰ পোৱাৰ পিছতে গাঁৱৰ লোকসকলৰ উপৰিও সাংবাদিক কুঞ্জ কাকতি , পেটবঢ়াৰ সংস্কৃতিৱান ব্যক্তি দেৱ কুমাৰ নাথ, যুৱ সাহিত্যিক - কবি লক্ষ্যজ্যোতি বৰা প্ৰমুখ্যে এটি সজাতি দলে মেধা যুৱতী গৰাকীৰ ঘৰলৈ গৈ ভৱিষ্যত জীৱন উজ্জ্বল হোৱাৰ কামনা কৰি শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰে ৷ ইতিপূৰ্বে ৰাজশ্ৰীয়ে জৱাহৰ নৱোদয় বিদ্যালয় ধিং, নগাঁৱৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উৰ্ত্তীণ হোৱাৰ উপৰিও অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ অধীনত ৰহা মীন মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী আৰু কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, ইম্ফল, মণিপুৰৰ অধীনত লম্বুচেৰা, ত্ৰিপুৰা মীন মহাবিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী সুখ্যাতিৰে অৰ্জন কৰা ৰাজশ্ৰীয়ে বৰ্তমান তাতে “ জলজ প্ৰাণীৰ স্বাস্থ্য ব্যৱস্থাপনা ” বিষয়ত গৱেষণা গ্ৰহণ কৰি আছে ৷

উল্লেখ্য যে, ৰাজশ্ৰীয়ে ২০১৫ - ২০১৯ বৰ্ষত ৰহা মীন মহাবিদ্যালয়ত অধ্যয়নৰ সময়ত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ পৰা “বিশ্ববিদ্যালয় স্বৰ্ণ পদক” লাভ কৰিবলৈও সক্ষম হৈছিল ৷ মেধাৱী ছাত্ৰীগৰাকীৰ এই সাফল্যত আনন্দিত হৈ পৰিছে তেওঁ অধ্যয়ন কৰি অহা বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অঞ্চলৰ গঞা ৰাইজ ৷

ক্লিক কৰি পঢ়কঃ নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীঃ ১২খন গ্ৰন্থ উন্মোচন...

ৰাজশ্ৰী দেৱী