নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীঃ ১২খন গ্ৰন্থ উন্মোচন...

নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীঃ ১২খন গ্ৰন্থ উন্মোচন...
নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তীঃ ১২খন গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ নগাঁও: "নাৰী সকলেই হ'ল আমাৰ মূল সম্পদ। দেশৰ গুৰি ধৰাৰ ক্ষেত্ৰতো নাৰীসকল আগৰনুৱা হৈ আছে। নাৰীসকলেই সমাজ আৰু দেশক সঠিক ভাবে আগুৱাই নিব লাগিব।" এই মন্তব্য অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীৰ।

নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুবালিৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা ক্ষেত্ৰত শুকুৰবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা নগাঁও জিলা সাহিত্যসভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণী অনুষ্ঠানৰ আজি দ্বিতীয় দিনা "আকাশ অনুষ্ঠান " উদ্বোধন কৰি দিয়া ভাষণত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। তেওঁ কয়, আভিজাত্যৰ মাজৰ পৰা ওলাই আহি আমি দেশৰ উন্নতি সাধন কৰিব লাগিব।

প্ৰসঙ্গ ক্ৰমে তেওঁ কয়, প্ৰাচীন ভাষা, সাহিত্য, সংস্কৃতি, শিল্পকলা এইসকলো বোৰৰ তত্ব কথা আমি সকলোৱে জানিব লাগিব । অকল ৰাজনীতি, সমাজনীতি, গৃহস্থালি কৰিলেই নহ'ব বুলি মন্তব্য কৰি তেওঁ কয়- প্ৰাচীন আদৰ্শ মহিলাসকলৰ আদৰ্শৰে আমাৰ মহিলাসকল আগুৱাই যাব লাগিব। কিন্তু প্ৰাচীন এই আদৰ্শ মহিলাসকলৰ কথা কোনেও ক'ব নোখোজে।

নতুন প্ৰজন্মক তাহানিৰ মহিয়সী নাৰীসকলৰ বিষয়ে অৱগত কৰাতো প্ৰয়োজন বুলি উল্লেখ কৰি মৃণালিনী দেৱীয়ে কয় - শিশুৰ চৰিত্র গঠনত মাতৃৰ ভূমিকাক কোনেও নুই কৰিব নোৱাৰে। প্ৰাচীন কালৰ সীতা, গান্ধাৰী, কুন্তী, দ্ৰৌপদী আদি মহিয়সী নাৰীসকলৰ কথা উল্লেখ কৰি তেওঁ কয়- এই সকল নাৰী আজিও সকলোৰে বাবে আদৰ্শ হৈ আছে।

বিশেষকৈ সীতাৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয়- ভাৰতবৰ্ষই সীতাৰ নিচিনা আদৰ্শ মহিলা বিচাৰে। এই মহিয়সী নাৰীসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজৰ উন্নতিৰ পথত আমি সকলো অগ্ৰসৰ হ'ব লাগিব।

আত্মাৰ বিষয়ে উল্লেখ কৰি আত্মাৰ সমৃদ্ধ তাত্ত্বিক কথা বিলাক শিকিবলৈ সকলোকে আহবান জনাই তেওঁ কয়, নতুন প্ৰজন্মক আত্মা সমৃদ্ধ জ্ঞানেৰে আধ্যাত্মিক ভাবে আগুৱাই নিব লাগিব। তেওঁ লগতে কয়, আত্মাক বিচাৰিলে গুৰু পাম। অধ্যয়নক গুৰুত্ব দিলে মনতো পবিত্ৰ হয়।

প্ৰাচীন ঋষি মুনিসকলৰ কথা উল্লেখ কৰি তেওঁ কয় যে, প্ৰাচীন ঋষি মুনিসকল আছিল দ্ৰষ্টা আৰু স্ৰষ্টা । সত্যৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে সাহিত্য সৃষ্টি কৰিছিল। তেওঁলোকে আত্মা সমৃদ্ধ সাহিত্য সৃষ্টি কৰিব পাৰিছল।

বন্তি প্ৰজ্বলনৰ প্ৰসঙ্গ উল্লেখ কৰি অসম সাহিত্য সভাৰ উপ-সভাপতিগৰাকীয়ে কয় - বন্তি প্ৰজলনৰ উদ্দেশ্য হ'ল অনুষ্ঠানৰ শুভাৰম্ভ কৰা। এয়া আমাৰ পৰম্পৰা আৰু লোকাচাৰ। বুজি নেপালেও এই পৰম্পৰা অব্যাহত আছে।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰান কুমাৰ বৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানত বিশিষ্টা সাহিত্যিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ড: জয়শ্ৰী গোস্বামী মহন্তই ভাষণ প্ৰদান কৰি লেখক-লেখিকাসকলক সৃষ্টিশীল সাহিত্য ৰচনা কৰিবলৈ আহবান জনায়।

অনুষ্ঠানত বিশিষ্ট সাংবাদিক মানস কুমাৰ মহন্ত , নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত , প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল হাজৰিকা, সমাজ কৰ্মী বিনোদ খেটাৱত,সা্ংবাদিক কনক হাজৰিকা , হেমেন কুমাৰ দাস ,জিতেন বৰকটকীৰ লগতে মঞ্জু লস্কৰ, দীপ্তি বৰা, স্মৃতা কলিতা, মৃগাংক বৰা, সঞ্জীৱ বৰা, বিষ্ণু দাস আদিয়ে অংশ গ্ৰহণ কৰে।

জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানত দহ গৰাকী মহিলা ক্ৰমে ফুনু দেবী, তৰু বৰা, লিলি বৰুৱা, মাখনী কটকী, ৰঞ্জনা বৰা, ডিম্বেলতা দেবী, কিৰন শৰ্মা খাউণ্ড, লিলি সন্দিকৈ, হেমকান্তি লস্কৰ আৰু মিনু সভাপণ্ডিতক কমলাদেবী তোদী স্মাৰক সাহিত্য সন্মান প্ৰদান কৰা হয়।

অনুষ্ঠানত আকাশ উপ-সমিতিৰ বাৰ্ষিক মুখপত্ৰ "আকশৰ" লগতে আন এঘাৰ গৰাকী লেখিকাৰ মুঠ ১২খন গ্ৰন্হ উন্মোচন কৰে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে ।সন্ধিয়া মলিন বৰা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ইপিনে পুৱাৰ ভাগত শিক্ষাবিদ হৰেশ্বৰ গোস্বামী সোঁৱৰণী বক্তৃতা অনুষ্ঠিত অনুষ্ঠিত হয়।

"বিংশ শতিকাৰ মহাপুৰুষীয়া ধৰ্ম - সাহিত্য - সংস্কৃতি পুনৰোত্থান আন্দোলন " শীৰ্ষক বক্তৃতা প্ৰদান কৰি কটন মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা ড০ সোনালী বৰা হাজৰিকাই কয় যে, বিজ্ঞান সন্মত দৃষ্টি ভংগীৰেহে শংকৰদেৱক বিচাৰ কৰিব লাগে।

তেওঁ লগতে কয়- শংকৰদেৱৰ বৰগীত ভালদৰে অধ্যয়ন কৰিলে অস্ত্ৰ তুলি ল'ব নোৱাৰে। আন এজন বক্তা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰে কয় যে - নৱ বৈষ্ণৱ আন্দোলন অসমলৈ নমাই অনাৰ ক্ষেত্ৰত শংকৰদেৱৰ অৱদান উল্লেখনীয়।

অনুষ্ঠানতে তৰু বৰাৰ " নাৰী সপ্ত শক্তিৰ আধাৰ" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত প্ৰাক্তন মন্ত্ৰী গুনীন হাজৰিকাই কয় যে, ধৰ্মীয় পৰিধিৰ সমান্তৰাল ভাৱে শংকৰদেৱে সাহিত্য সংস্কৃতি ক্ষেত্ৰখনত বিশালতা দি গৈছে। দেওবাৰে পুৱা সাংস্কৃতিক শোভাযাত্ৰা, বিয়লি মুকলি সভা আৰু সন্ধ্যা শিক্ষাবিদ বলেন্দ্ৰ নাথ শৰ্মা সোৱৰণী সাংস্কৃতিক অনুষ্ঠানেৰে সোনালী জয়ন্তী উৎসৱৰ সামৰনি পৰিব।

ক্লিক কৰি পঢ়কঃ 'আমাৰ ঘৰ'ত দীন বান্ধৱী শুচিব্ৰতা ৰায় চৌধুৰীৰ আৱক্ষ মূৰ্তি উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in