/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/57663b6c-6c33-49eb-ad88-492943482396/NALINI_12.jpg)
৩১ বছৰৰ পিছত মুকলি আকাশৰ তললৈ আহিল ৰাজীৱ গান্ধীৰ হত্যাকাৰী
ডিজিটেল ডেস্কঃ ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ সৈতে জড়িত ৬ জনক ৩১ বছৰ কাৰাবাসৰ পিছত দোষমুক্ত ঘোষণা কৰিছিল। ইয়াৰ এদিন পিছতেই তিনি অভিযুক্ত নলিনী শ্ৰীহৰণ, তেওঁৰ স্বামী মুৰুগান আৰু সান্থানক আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত ১২ অক্টোবৰ শনিবাৰে সন্ধিয়া ভেলোৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে।
উচ্চতম ন্যায়ালয়ে যোৱা মে' মাহত ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ সপ্তম দোষী পেৰাৰিভালনক মুক্তি দিবলৈ নিজৰ ক্ষমতা ব্যৱহাৰ কৰিছিল। আদালতে কৈছিল যে একেই আদেশ বাকী দোষীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য।
নলিনীৰ উপৰিও শ্ৰীহৰণ, সান্থান, মুৰুগান, ৰবাৰ্ট পায়াছ আৰু আৰ পি ৰবিচন্দ্ৰন ১৯৯১ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ বাবে কাৰাগাৰত আছিল। উচ্চতম ন্যায়ালয়ে এই আটাইকেইগৰাকী কাৰাবন্দীৰ জে'লত থকাৰ সময়ত তেওঁলোকৰ আচৰণ"সন্তোষজনক" বুলি কৈ কৈছিল যে, তেওঁলোকে জে'লৰ পৰাই ডিগ্ৰী লাভ কৰিছে, কিতাপ লিখিছে আৰু সমাজ সেৱাতো অংশগ্ৰহণ কৰিছে।
ক্লিক কৰি পঢ়কঃ অপহৰণ কাণ্ড : অপহৰণকাৰীয়ে হত্যা কৰি ব্রহ্মপুত্রত দলিয়ালে মৃতদেহ...