অপহৰণ কাণ্ড : অপহৰণকাৰীয়ে হত্যা কৰি ব্রহ্মপুত্রত দলিয়ালে মৃতদেহ...

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড
city kidnep
city kidnep

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড। অপহৰণকাৰীয়ে হত্যা কৰি ব্রহ্মপুত্রত দলিয়ালে মৃতদেহ। অপহৃত হোৱা লোকজন বিহাৰৰ জয়বৰ্ধন কুমাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ডিমাপুৰৰ পৰা বিহাৰ অভিমুখী ৰে’লৰ পৰা অপহৰণ কৰা হৈছিল লোকজনক।

ডিমাপুৰৰ পৰা ৰে'লত জয়বৰ্ধনক অনুসৰণ কৰিছিল দুৰ্বৃত্তই আৰু গুৱাহাটী ৰে’ল ষ্টেচনত ম’বাইল বন্ধ হৈছিল জয়বৰ্ধনৰ। জয়বৰ্ধনৰ পৰিয়ালে ডিমাপুৰ আৰক্ষীক দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শুৱালকুছিৰ শালমাৰী চৰত ফোনৰ লোকেচন পাইছিল জয়বৰ্ধনৰ।

এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিছিল জি.আৰ.পিৰ অ’চি প্রসেনজিৎ দাসে। ফোন লোকেচনৰ ভিত্তিত শুৱালকুছিৰ চৰত অভিযান চলাইছিল আৰক্ষীয়ে। আৰু আৰক্ষীয়ে অভিযান চলাই জহৰ আলী আৰু আয়ুব আলীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত লোক দুজনৰ জিম্মাৰ পৰা জয়বৰ্ধনৰ ম’বাইল ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে। অধিক তদন্তৰ বাবে দুয়োকে সোধা-পোছা চলাইছে আৰক্ষীয়ে। উল্লেখ্য যে ভুক্তভোগীৰ এ.টি.এমৰ পৰা লুটি নিয়ে লক্ষাধিক টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in