/asomiyapratidin/media/media_files/2026/02/07/58-2026-02-07-16-19-16.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ডিব্ৰুগড়- দিল্লীৰ সৈতে প্ৰত্যক্ষভাৱে ধেমাজিত ৰাজধানী এক্সপ্ৰেছৰ ষ্টপেজ এটা আনুষ্ঠানিকভাৱে শুক্ৰবাৰে ৰাতি মুকলি হয় ৷ ৰাতি প্ৰায় ১০.৪০ বজাত অনুষ্ঠিত হোৱা এই মুকলি অনুষ্ঠানত
উপস্থিত থাকে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ৷
ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে আদৰণি ভাষণ দিয়া মুকলি সভাত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক, উৰ্দ্ধতম ৰে'লৱে বিষয়া বৰ্ষকে ধৰি জিলাখনৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us