/asomiyapratidin/media/media_files/2025/06/11/NlrOVTb7lJkS17aRANNR.jpg)
ডিজিটেল ডেস্কঃ আৰক্ষীৰ হাতত পৰিছে ৰাজা ৰঘুবংশীৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট। অতি নৃশংসভাৱে হত্যা কৰা হৈছিল ভুক্তভোগী ৰাজাক। মৰণোত্তৰ প্ৰতিবেদনত পোৱা তথ্য অনুসৰি, তেওঁৰ মূৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল।
মেঘালয়ৰ এছ আই টিৰ মুৰব্বী হাৰ্বাৰ্ট পিনয়াইদ খাৰকংগৰে কয় যে, মৰণোত্তৰ পৰীক্ষাত সন্মুখ আৰু পিছফালৰ পৰা চোকা অস্ত্ৰৰে মূৰত দুবাৰকৈ আঘাত কৰা হৈছিল ৰাজা ৰঘুবংশীক। ইতিমধ্যে এই গোচৰত উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ পৰা ৰাজাৰ পত্নী সোণম আৰু আন তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে
ইফালে তিনিওজনে আৰক্ষীক জনাইছে যে, সোণমে তেওঁলোকক ৰাজাক হত্যা কৰিবলৈ টকা দিছিল। উল্লেখ্য যে, ৩ অভিযুক্তই হত্যা কৰিব নোৱাৰিলেও মৃত্যু হ'ল হয় ৰাজাৰ। সোণমে আৰক্ষীক জনোৱা মতে, ৰাজা হত্যাকাণ্ডৰ বাবে প্লেন বি প্ৰস্তুত কৰি ৰাখিছিলে সোণমে।
চুপাৰি কিলাৰে হত্যা কৰিব নোৱাৰিলেও ছেলফি তোলাৰ ছলেৰে সোণমে পাহাৰৰ পৰা ঠেলি তলত পেলাই দিলে হয় ৰাজাক। এনেদৰে প্লেন বি প্ৰস্তুত কৰি ৰাখিছিল সোণমে। বৰ্তমানেও মেঘালয় আৰক্ষীয়ে ৪ অভিযুক্তক সোধ-পোচ অব্যাহত ৰাখিছে।